লখিমপুৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ভয়ংকৰ কেলেংকাৰি

ডিক্ৰং পঞ্চায়তত ভুৱা ফটোৰে ১৯ টা গৃহ নিৰ্মাণ নকৰাকৈ সৰকালে সমুদায় ধন ঃ জিলা উপায়ুক্তৰ তদন্ত

0 31

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৩১ মে’ ঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিক্ৰং গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ নিৰ্মাণত এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনত বহু গৃহ নিৰ্মাণ নকৰাকৈ আৰু একাংশ হিতাধিকাৰীয়ে আনঘৰৰ ফটো জমা দি ধন উলিয়াই নিয়াৰ বিষয়ে একাংশ লোকে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰাৰ পিছত জিলা উপায়ুক্তই তদন্ত ঘোষণা কৰিছে৷ তদন্তকাৰী বিষয়াৰ তদন্তত পঞ্চায়তখনত গৃহ নিৰ্মাণত সংঘটিত হোৱা বৃহৎ কেলেংকাৰি পোহৰলৈ অহাত শীঘ্ৰে এই কেলেংকাৰিৰ আঁৰত থকা একাংশ বিষয়া-কৰ্মচাৰী, জনপ্ৰতিনিধি শীঘ্ৰে তদন্তৰ আউটিলৈ অহাতো নিশ্চিত হৈ পৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি কেইদিনমান পূৰ্বে স্থানীয় কেইজনমান সচেতন লোকে ডিক্ৰং পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণত সংঘটিত হোৱা কেলেংকাৰি সন্দৰ্ভত লখিমপুৰৰ জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰে৷ সেইমৰ্মে সমগ্ৰ বিষয়টো তদন্তৰ বাবে জিলা উপায়ুক্তই লখিমপুৰ জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ডিপুল চমুৱাক দায়িত্ব অৰ্পণ কৰে৷ ইতিমধ্যে তেওঁ পঞ্চায়তখনত স্বজমিন তদন্তত নামি পৰাৰ বিষয়ে জানিব পৰা গৈছে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি পঞ্চায়তখনত ২০২১-২২ বৰ্ষত চাৰি শতাধিক হিতাধিকাৰীয়ে পি এম এ ৱাই গৃহ লাভ কৰিছে আৰু ইয়াৰে গৰিষ্ঠসংখ্যক লোকৰ গৃহ নিৰ্মাণতে বৃহৎ কেলেংকাৰি সংঘটিত হৈছে৷ বিশেষকৈ পঞ্চায়তখনৰ অন্তৰ্গত কেঞামৰা, দঙিবিল, সোণাৰি গাঁও, শলমাৰি আদিত একাংশ হিতাধিকাৰীয়ে গৃহ নিৰ্মাণ নকৰাকৈ তৃতীয় কিস্তি পৰ্যন্ত ধন মোকলাই নিবলৈ সক্ষম হৈছে৷ কৰুণাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে পঞ্চায়ত সচিব, গাঁও পঞ্চায়ত সমন্বয়ক [জিপিচি] আদিয়ে এই গৃহ নিৰ্মাণৰ তদাৰকত থকাৰ পিছতো কেনেদৰে বহু হিতাধিকাৰীয়ে গৃহ নিৰ্মাণ নকৰাকৈ আৱণ্টিত পুঁজি উলিয়াই নিবলৈ সক্ষম হ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ প্ৰকৃত তদন্ত উন্মোচন হলেই খণ্ড উন্নয়ন বিষয়াকে ধৰি একাংশ বিষয়া-কৰ্মচাৰী জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ উল্লেখনীয় কথা যে পঞ্চায়তখনৰ অন্তৰ্গত কেঞামৰাৰ মহেন্দ্ৰ দাসে ঘৰ নিৰ্মাণ নকৰাকৈয়ে তৃতীয় কিস্তি পৰ্যন্ত ধন উলিয়াই নিবলৈ সক্ষম হৈছে৷ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নীতি অনুসৰি কোনো এজন হিতাধিকাৰীয়ে গৃহ লাভ কৰাৰ পিছত দ্বিতীয় কিস্তি ধন লাভ কৰিবলৈ হ’লে হিতাধিকাৰীজনে নিৰ্মাণ কৰা গৃহটোৰ প্লিণ্ট ৱালৰ ফটো জমা দিব লাগে আৰু তৃতীয় কিস্তিৰ ধন লাভ কৰবিলৈ হ’লে হিতাধিকাৰীয়ে লিণ্টাৰ পৰ্যন্ত গৃহ নিৰ্মাণ কৰা ফটো জমা দিব লাগে৷ লক্ষণীয় কথা যে ডিক্ৰং পঞ্চায়তত এনে বহু হিতাধিকাৰীয়ে আনৰ ঘৰৰ ফটো দেখুৱাই এনেদৰে ধন সৰকাই নিবলৈ সক্ষম হৈছে৷ একেদৰে পূৰ্বে পকীঘৰ থকা লোকে এনে গৃহ লাভ নকৰে যদিও পঞ্চায়তখনত বহু পকাঘৰ থকা লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰিবলৈ সক্ষম হৈছে৷ তেনেদৰে কেঞামৰাৰে কৃষ্ণ বিশ্বাসে গৃহ নিৰ্মাণ নকৰাকৈ তৃতীয় কিস্তিৰ ধন লাভ কৰাৰ লগতে লৰিদংগাত লোকমায়া দেৱী আৰু অনিতা দেৱী নামৰ শাহু বোৱাৰীয়ে একে ঘৰতে দুটাকৈ গৃহ লাভ কৰিছে আৰু তেওঁলোকে ঘৰ নবনোৱাকৈ দ্বিতীয় কিস্তিৰ ধন উলিয়াই নিছে৷ তেনেদৰে কেঞামৰাৰ ধৰ্মেন্দ্ৰ দাসৰ পকাঘৰ থকা পিছতো এনে গৃহ লাভ কৰাৰ পিছত ঘৰ নবনোৱাকৈ দ্বিতীয় কিস্তিৰ ধন সৰকাই নিছে৷ তেনেদৰে শলমৰাৰ অমৰচান্দ পাদি, সোণাৰী গাঁৱৰ চিত্ৰৰঞ্জন বিশ্বাস, সুমিত্ৰা বিশ্বাস, কেঞামৰাৰ সত্যনাৰায়ণ দাস, হেমলতা দাস, বকুল বিশ্বাস, নকুল বিশ্বাসেও পকা ঘৰ থকাৰ পিছতো গৃহ লাভ কৰিছে আৰু তেওঁলোকে গৃহ নিৰ্মাণ নকৰাকৈ তৃতীয় কিস্তি পৰ্যন্ত ধন উলিয়াই নিবলৈ সক্ষম হৈছে৷ ইয়াৰে অধিকাংশ হিতাধিকাৰীয়ে আনৰ ঘৰৰ ফটো জমা দি এনেদৰে ধন উলিয়াই নিয়াৰ তথ্য পোহৰলৈ আহিছে৷ এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত জিলা উপায়ুক্তই কেনে ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More