লখিমপুৰ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ সভা অনুষ্ঠিত

0 25

উত্তৰ লখিমপুৰ, ১৮ মাৰ্চ: আজি লখিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ সভাখনি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ উপৰি বিগত সভাৰ কার্যবিবৰণী পাঠ কৰে। সভাত বিগত সময়চোৱাত চৰকাৰী বিভাগ সমূহে জিলাখনত ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক কামকাজৰ পৰ্যালোচনা কৰা হয়। সভাপতিৰ আসনৰ পৰা সাংসদগৰাকীয়ে জিলাখনৰ অন্তৰ্গত চাৰিটা পৌৰসভা এলেকাত ৰূপায়ণ কৰি থকা প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে উক্ত আঁচনিৰ অন্তৰ্গত গৃহ নিৰ্মাণৰ কাম দ্ৰুতগতিৰে সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি সাংসদগৰাকীয়ে পথ নিৰ্মাণ, জল জীৱন মিছন আঁচনি ৰূপায়ণ, ফচল বীমা যোজনা, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, বিদ্যুৎ সংযোগ, অঙ্গনবাদী কেন্দ্ৰৰ গৃহ নিৰ্মাণ, ৰেচন কাৰ্ড প্ৰদান আদি আঁচনি সমূহ সুচাৰুভাৱে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে এই আঁচনি সমূহৰ সুফল প্ৰকৃত হিতাধিকাৰী সকলে লাভ কৰিছেনে নাই তাক নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়া বৰ্গক আহ্বান জনায়। তেখেতে সকলো বিভাগৰ মুৰব্বী বিষয়া সকলক নতুন উদ্যম আৰু উদ্ভাৱনীমূলক চিন্তাচর্চাৰে নিজৰ বিভাগৰ আঁচনি সমূহ ৰূপায়ণ কৰিবলৈ আৰু লখিমপুৰ জিলাখনক ৰাজ্যখনৰে এখন উন্নত জিলা হিচাপে গঢ় দিবলৈ আহ্বান জনায়। ইফালে, জিলা উপায়ুক্তই জিলাখনত স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) আঁচনিখন সফলভাবে ৰূপায়িত নোহোৱাৰ বিষয়টো উত্থাপন কৰি এই সম্পৰ্কে উপযুক্ত পদক্ষেপ লবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। তেখেতে খণ্ড উন্নয়ন বিষয়া, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য সকলক উক্ত আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া শৌচাগাৰ সমূহৰ নিৰ্মাণ চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত সম্পুৰ্ণ কৰিবলৈ আৰু স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) আঁচনি খনৰ ৰূপায়ণ সফল কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। সভাখনত বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা, লখিমপুৰ, নাওবৈছা আৰু ঢকুৱাখনা বিধান সভা সমষ্টিৰ বিধায়ক সকলৰ প্ৰতিনিধিবৰ্গ, জিলা উপায়ুক্ত সুমিত সত্তৱান, জিলাপৰিষদৰ সভানেত্রী মঞ্জু বৰগোঁহাই, জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ সদস্যসকল, আঞ্চলিক পঞ্চায়তৰ সভাপতিসকল, জিলা পৰিষদৰ সদস্যসকল, চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More