লখিমপুৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৰক্ত দান শিবিৰ

0 85

উত্তৰ লখিমপুৰ,৬ জুলাইঃআজি শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম দিন উপলক্ষে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ সহযোগত ৰক্ত দানৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এক ৰক্ত দান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হৈ যায়। ” ৰক্ত দান মহান দান” শ্লোগানেৰে অনুষ্ঠিত কৰা ৰক্ত দান শিবিৰত জিলাখনৰ অৰ্ধ শতাধিক যুৱক-যুৱতীয়ে ৰক্ত দান কৰে। ৰক্ত দান শিবিৰত অনুস্থিত কৰা সজাগতা শিবিৰত লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰা উপস্থিত থাকি ৰক্ত দাতা সকলক উৎসাহিত কৰে।সভাত লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফনিধৰ বৰুৱাই ৰক্ত দানৰ পৰা হোৱা বিভিন্ন উপকাৰ সমূহৰ ওপৰত বক্তব্য প্ৰদান কৰে।লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উপ অধীক্ষক ড° নিখিল কাকতিয়ে ৰক্ত দানৰ বিষয়ে বিভিন্ন সময়ত চলি অহা অপপ্ৰচাৰ আৰু ইয়াৰ প্ৰকৃত সত্য সম্পৰ্কে সভাত ভাষণ প্ৰদান কৰে।ইয়াৰ উপৰি সভাত উপস্থিত থাকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ ইন চাৰ্জ ডাঃ নিতুমনি খাখলাৰী,লখিমপুৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ যুৱ সমন্বয়ক সুজাতা ভৌতিক,লখিমপুৰ জিলা বিজেপিৰ সম্পাদক হিতেশ বৰা, কাৰ্যালয় সম্পাদক জিতেন দত্ত, লখিমপুৰ জিলা বিজেপিৰ পল্লৱী গোহাঁই বৰদলৈ,দুল শইকীয়া, অচ্যুত পাৱে,সমাজ সেৱক ৰূপমজ্যোতি চেতিয়া আৰু উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক সকল ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More