লখিমপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কাৰ্গিল শ্বহীদ পৰিয়ালসহ ২১প্ৰাক্তন সৈনিকক সম্বৰ্ধনা

0 82

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ আগষ্ট: দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি লখিমপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কাৰ্গিল শ্বহীদ পৰিয়ালসহ অন্যান্য ২১ জন প্ৰাক্তন সৈনিকক সম্বৰ্ধনা জনোৱা হয়। IMG 20220815 WA0139লখিমপুৰ জিলা পৰিবহণ বিষয়া সত্যকাম গগৈ, যান-বাহন পৰিদৰ্শক সঞ্জীৱ কুমাৰ চুতীয়াৰ উপস্থিতিত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দিব্যজ্যোতি নাথে আঁত ধৰা অনুষ্ঠানত জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰাক্তন সৈনিক সকলক সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ আদিৰে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত কাৰ্গিল শ্বহীদ পৰিয়ালকো সম্বৰ্ধনা জনোৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More