লখিমপুৰ-ঢকুৱাখনা সংযোগী ঘাগৰ নৈৰ দলঙৰ বাবে ৩৮৩ কোটি টকা অনুমোদনত আনন্দৰ জোৱাৰ 

লখিমপুৰ-ঢকুৱাখনাৰ দূৰত্ব হব ৩৫ কিলোমিটাৰ

0 119

ঢকুৱাখনাৰ প্ৰতিবেদক, ১১জুন : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰী পৰিষদৰ আজি তেজপুৰত অনুষ্ঠিত বৈঠকত লখিমপুৰ আৰু ঢকুৱাখনাৰ মাজত ঘাগৰ নৈৰ ওপৰত ৰাইজৰ বহু প্ৰত্যাশিত দলংখন নিৰ্মাণ প্ৰকল্পৰ বাবে ৩৮৩ কোটি টকাৰ অনুমোদন জনোৱা বাতৰিয়ে ঢকুৱাখনাত আনন্দৰ লহৰ তুলিছে। এই ঐতিহাসিক পদক্ষেপে মহকুমা সদৰ ঢকুৱাখনাৰ লগত জিলা সদৰ উত্তৰ লখিমপুৰৰ পথ যোগাযোগৰ ব‍্যৱধান আধাতকৈয়ো কম কৰিব।উল্লেখ‍্য বৰ্তমান ধেমাজি জিলাৰ গোগামুখ হৈ ঢকুৱাখনাৰ পৰা উত্তৰ লখিমপুৰলৈ দূৰত্ব ৭৮ কিলোমিটাৰ । কিন্তু ঘাগৰ আৰু মৰা সোৱণশিৰিৰ ওপৰত দলং নিৰ্মাণৰ এই প্ৰকল্পটো সম্পূৰ্ণ হ’লে এই ব্যৱধান ৩৫ কিলোমিটাৰলৈ হ্ৰাস পাব । একেদৰে এই দলঙে মাজুলীৰ লগতো দেশৰ আন অংশৰ পোনপটীয়াকৈ পথ যাতায়াত ব্যৱস্থা চমু আৰু সুগম কৰি তুলিব । আনহাতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ কালজয়ী উপন্যাস মিৰিজীয়ৰীৰ নায়ক-নায়িকা জংকী আৰু পানেই বিচৰণভূমি ঘুনাসূঁতিবাসী এই দলঙৰ দ্বাৰা আটাইতকৈ উপকৃত হ’ব।বাৰিষা অথবা খৰালি লেখ নোলোৱাকৈ বছৰৰ ১২ মাহেই নাৱেৰে পাৰাপাৰ হৈ মাত্ৰ ১৫ কিলোমিটাৰ দূৰৰ জিলা সদৰ উত্তৰ লখিমপুৰলৈ যাতায়াত কৰিব লগা যন্ত্ৰণাৰ অৱসান ঘটিব বুলি ঘুনাসূঁতিবাসী উৎফুল্লিত হৈ পৰিছে। দলঙখন সম্পূৰ্ণ হ’লে বৃহত্তৰ ঘুনাসূঁতিবাসীয়ে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত উন্নয়নৰ মুখ দেখিবলৈ পাব ।এই ঐতিহাসিক সিদ্ধান্তৰ বাবে ঢকুৱাখনা সমষ্টিবাসীৰ হৈ মুখ্যমন্ত্ৰী শৰ্মালৈ ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিক সন্মিলন, প্ৰেছ গীল্ড, ছাত্ৰ সন্থা, বিজেপিৰ ঢকুৱাখনা জিলা সমিতিকে প্ৰমুখ্যে কৰি বিভিন্ন দল সংগঠন,ব্যক্তিৰ লগতে স্থানীয় বিধায়ক নৱ কুমাৰ দলেই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More