লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত কৰ্মশালা অনুষ্ঠিত

0 18

উত্তৰ লখিমপুৰ, ১৪ জুনঃ  লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত যোৱা ১১ আৰু ১২ জুনত মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগ ,I.Q.A.C আৰু ধেমাজি জিলাৰ জনস্বাস্থ‍্য ও  কাৰিকৰী বিভাগৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ৰাসায়ন বিভাগৰ সহযোগী অধ্যাপক ড° ভৱজিৎ ভূঞা। Add on course ৰ সহকাৰী সমন্বয়ক বিৰেণ কাকতীৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা কৰ্মশালাখনি উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বুবুল  কুমাৰ শইকীয়াই ।IMG 20220614 WA0035 3কৰ্মশালাখনত সভাপতিত্ব কৰে ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা course coordinator ড° দেৱজিৎ দত্তই।সমল ব্যক্তি ড° ভৱজিৎ ভূঞাই Chemistry আৰুCriminology ওপৰত বক্তব্য দাঙি ধৰে। জনস্বাস্থ‍্য ও  কাৰিকৰী বিভাগ গোগামুখ শাখাৰ সহকাৰী ৰাসায়নবিদ  ৰিপেন কুমাৰ গগৈ আৰু  সহযোগী জাৰ্নেল পাইটে খোৱাপানীৰ গুণাগুণ সম্পৰ্কে পৰীক্ষাৰ সন্দৰ্ভত বাখ্যা দাঙি ধৰে। কৰ্মশালাখনিত ৰসায়ন বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা মৰমী গোহাঁই, অধ্যাপক সুমন ৰাজ মহন্ত তথা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্র ছাত্ৰী সকল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More