লখিমপুৰ নগৰৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত দুবৃৰ্ত্তৰ হাতোৰা

 শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবী কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত থকা বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূত্তিটো কোনো দুবৃৰ্ত্তই ভঙাৰ সন্দেহ ব্যক্ত কৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে৷ এই ভগ্ন প্ৰতিমূৰ্ত্তিটো শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবীত কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে লখিমপুৰৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাইছে৷ উল্লেখ্য যে কোনো দুবৃৰ্ত্তই বিশ্ববীৰজনাৰ প্ৰতিমূৰ্ত্তি ক্ষতিগ্ৰস্ত কৰা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে৷ যাৰবাবে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰূপজ্যোতি দত্ত কোচৰ নেতৃত্বত এটা সঁজাতি দলে এই প্ৰতিমূৰ্ত্তিটো পুনৰ নিৰ্মাণৰ দাবী জনাইছে৷ সজাতি দলত উত্তৰ লখিমপুৰ জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি বিকাশ দত্ত, সাধাৰণ সম্পাদক নিতুল শইকীয়াই স্বাক্ষৰ কৰা স্মাৰকপত্ৰখনত খেদ প্ৰকাশ কৰি কয় যে অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই কেবাবছৰ পূৰ্বে নিৰ্মাণ কৰা এই প্ৰতিমূৰ্ত্তিয়ে ৰাইজৰ সমাদৰ লাভ কৰি আহিছে৷ তেনে প্ৰতিমূৰ্ত্তি এতিয়া সন্দেহজনক দুবৃৰ্ত্তৰ কবলত পৰাতো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি ভগ্ন প্ৰতিমূৰ্ত্তিটো এতিয়া দৃষ্টিকটু ভাৱে টিৰ্পালেৰে মেৰিয়াই ঢাকি থোৱা বুলি তেওঁলোকে উল্লেখ কৰিছে৷ অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিতো বেকা হৈ ওলমি থকা কাৰ্য গভীৰ পৰিতাপৰ বিষয় বুলি উল্লেখ কৰে৷ একেদৰে জয়ন্ত বৰুৱাই নিৰ্মাণ কৰা অন্য দুটা বিশিষ্ট মূত্তিৰ্ৰ মাজত থকা চিলাৰায়ৰ মূৰ্ত্তিটো এনেদৰে ক্ষত বিক্ষত হৈ পৰা কাৰ্য অতি দুৰ্ভাগ্যজনক বুলি সংগ্ৰাম সমিতিয়ে আক্ষেপ প্ৰকাশ কৰে৷ যদি লখিমপুৰ প্ৰশাসনে শীঘ্ৰে এই মূৰ্ত্তিটো নিৰ্মাণ নকৰে তেনেহলে তেওঁলোকে ৰাইজৰ সহযোগত গণতান্ত্ৰিক ভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিছে৷ সেইদিনাৰ সজাতি দলটোত হেমন্ত কোচ, বাবুল দত্ত, সিদ্ধাৰ্থ শংকৰ শইকীয়া, মানস প্ৰতিম দত্ত আদি উপস্থিত থাকে৷

আজি লখিমপুৰত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব ২৫টা প্ৰকল্প
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ ডিচেম্বৰ ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে লখিমপুৰত উপস্থিত হৈ সৰ্বমুঠ ২৫টা উন্নয়নমূলক কামৰ প্ৰকল্প শুভ উদ্বোধন কৰিব৷ তেওঁ ঘাগৰ ঘূনাসুঁতি সংযোগী গুৰুত্বপূৰ্ণ দলং-পথ, লখিমপুৰৰ বাইপাছ, তাৰকাগৃহ, মথাউৰিকে ধৰি ১৪খন আঁচনি আৰু ১১টা প্ৰকল্পৰ শুভাৰম্ভ কৰিব৷ তদুপলক্ষে সোৱণশিৰি পাৰৰ ঘূনাসুঁতিত পুৱা ১০.৩০ বজাত এখন বৃহৎ সভাৰ আয়োজন কৰা হৈছে আৰু এই সভাৰ পৰাই মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলি পথ, দলং আদিৰ শুভ উদ্বোধন কৰিব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More