লখিমপুৰ নগৰৰ দিশে ধাৱমান সোৱণশিৰিঃ শ শ পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ

নদীৰ গৰ্ভত জাহ গ’ল কেবাখনো ৰাজহ গাঁও

0 32

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ সোৱণশিৰিৰ গৰা খহনীয়া প্ৰতিৰোধ কৰক, নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি গ’ বেক, মুখ্যমন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ হায় হায়, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধবনিৰে কালি প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে সোৱণশিৰিৰ পাৰ৷ লখিমপুৰ জিলাৰ বধাকৰাত ১ নং হৰিদাসত সোৱণশিৰিৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু খহনীয়াৰ স্থায়ী সমাধানৰ দাবীতৱ এনেদৰে অঞ্চলটোৰ শ শ পুৰুষ মহিলাই নদীৰ পাৰত সমবেত হৈ তীব্ৰ প্ৰতিবাদ জনায়৷ নদীখনৰ ভয়ংকৰ গৰা-খহনীয়া শীঘ্ৰে প্ৰতিৰোধ নকৰিলে সোৱণশিৰিৰ বুকুত জাপ দিয়াৰ হুংকাৰ দিয়ে কেবাগৰাকী মহিলাই৷ উল্লেখ্য যে সোৱণশিৰিৰ খহনীয়াই ভীমপৰা মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে ইতিপূৰ্বে মঘুৱাচুক, হৰিদাসচুক, সোণোৱাল চুক আদি কেবাখনো গাঁও নদীৰ বুকুত জাহ যায়৷ প্ৰতিবাদী জনতাই নদীৰ পাৰত স্থানীয় মন্ত্ৰী বিধায়কৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে৷ উল্লেখ্য যে ন-কদম গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত, কদম ৰাজহ চক্ৰৰ এই অঞ্চলটো লখিমপুৰ-ঢকুৱাখনাৰ সীমামূৰীয়া হোৱাৰ বাবেই বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নৱ দলেও কোনো গুৰুত্ব প্ৰদান কৰা নাই৷ যাৰ ফলত সমগ্ৰ বধাকৰা অঞ্চলবাসী বিমোৰত পৰাৰ লগতে নদীখনৰ খহনীয়াই লখিমপুৰ নগৰৰ দিশে ধাৱমান হোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ উল্লেখ যে বিগত সময়ত জলসম্পদ বিভাগ, পঞ্চায়ত আদিৰ খহনীয়া প্ৰতিৰোধৰ নামত অস্থায়ী ব্যৱস্থাৰে কোটিৰ হিচাপত টকাৰ শৰাধ কৰাৰ বিপৰীতে খহনীয়াৰ পৰা ৰাইজে পৰিত্ৰাণ নোপোৱাত আজি এনেদৰে সোৱণশিৰিৰ পাৰলৈ ৰাইজ ওলাই আহিবলৈ বাধ্য হয়৷ ৰাইজৰ দাবী- বিগত সময়ত চৰকাৰী ভাৱে দিয়া প্ৰতিশ্ৰুতি অনুসৰি শীঘ্ৰে খহনীয়াৰ স্থায়ী সমাধান কৰক৷ অন্যথা অনাগত সময়ত ৰাইজে ইয়াতকৈও অধিক তীব্ৰতৰ ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব৷ ৰাইজৰ অভিযোগ লখিমপুৰ জিলাখনৰ ন-কদম গাঁও পঞ্চায়তৰ অন্তৰ্গত বধাকৰা অঞ্চলত সংশ্লিষ্ট বিভাগৰ দায়িত্বহীন কৰ্মৰ বাবেই সোৱণশিৰিৰ গৰা খহনীয়াই এফালৰ পৰা সকলো তচ নচ কৰি নিয়াৰ সমান্তৰালকৈ অঞ্চলটোৰ প্ৰায় কুৰিখন গাঁৱলৈ ভাবুকি নমাই আনিছে৷ সম্প্ৰতি নদীখন অঞ্চলটোৰ হৰিদাস, বেৰকেপ, সোণোৱাল গাঁও আদিৰ কাষলৈ চাপি অহাত ৰাইজে বিনিদ্ৰ ৰজনী কঁপাইছে৷ বাৰম্বাৰ জলসম্পদ বিভাগ, লখিমপুৰ জিলা প্ৰশাসনক আবেদন নিবেদন কৰিও কোনো কাম নোহোৱাত সম্প্ৰতি প্ৰতিবাদী কাৰ্যসূচী ল’বলৈ বাধ্য হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More