লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত সংবিধান দিৱস পালন

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ নৱেম্বৰ : আজি ২৬ নৱেম্বৰ শনিবাৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ আহ্বানেৰে সংবিধান দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু এন এছ এছ শাখাৰ সহযোগত নেহৰু যুৱ কেন্দ্ৰ-উত্তৰ লখিমপুৰে এখন সভা আয়োজন কৰে। উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নেহৰু যুৱ কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ জিলা যুৱ বিষয়া সুজাতা ভৌমিকে। সভাৰ আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। নিৰ্দিষ্ট বক্তা হিচাপে উত্তৰ লখিমপুৰ উকীল সন্থাৰ অধিবক্তা অজিত নাথে সভাত অংশগ্ৰহণ কৰে। নেহৰু যুৱ কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ ৰূপমজ্যোতি চেতিয়াই ব্যাপক স্বেচ্ছাসেৱী নামভৰ্তি কাৰ্যসূচী (আইভিইপি) বিষয়ক ভাষণ প্ৰদান কৰে। সভাত ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰা ভাৰতীয় সংবিধান বিষয়ক কুইজ প্ৰতিযোগিতাখন সঞ্চালনা কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক কুলদীপ নাৰায়ণ দত্তই। সভাত জিলা আইন সেৱা সন্থা-লখিমপুৰৰ স্বেচ্ছাসেৱক আৰু এন এছ এছ, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সদস্যসকলে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ এন এছ এছৰ কাৰ্যসূচী বিষয়া অধ্যাপক পংকজলোচন দাসেও অনুষ্ঠানত অংশগ্ৰহণ কৰে। নেহৰু যুৱ কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ বিতু গগৈৰ শলাগৰ শৰাইৰে সভাৰ সামৰণি মৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More