লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত

0 30

উত্তৰ লখিমপুৰ, ২৩ জানুৱাৰীঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখনি অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাখন উদ্বোধন কৰে নাওবৈচা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ড° গুনীন্দ্ৰ নাথ শৰ্মাই। সভাৰ আনুষ্ঠানিক বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী তথা মহাবিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ উৎপল দত্তই। সেই উপলক্ষে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ সভাপতি ৰাজ কুমাৰ ছাৰাফে। আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ সম্পাদক মুনীন শইকীয়াই। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সভাখন আয়োজন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই মুখ্য অতিথি হিচাপে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। সেই উপলক্ষে মহাবিদ্যালয়খনৰ গৱেষণা আলোচনীখনো উদ্বোধন কৰে ড০ হাজৰিকাই। মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সংগীত নাটক অকাডেমীৰ সদস্য ড০ অনিল শইকীয়াই আমন্ত্ৰিত অতিথি হিচাপে সভাত অংশগ্ৰহণ কৰে। বিশিষ্ট শিক্ষাবিদ ড০ মুকুন্দ ৰাজবংশী, মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড০ মুহিধৰ পূজাৰী আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ হেমন্ত কুমাৰ বৰুৱাও সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰখ্যাত কোম্পানী চেক্ৰেটেৰী নন্দ কিশোৰ ৰাথী, ১৯৮৯ চনত মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান দখল কৰা তথা চাৰ্টাৰ্ড অনিল আগৰৱালা, প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট ব্যৱসায়ী জগদীশ বাজাজ, মীনা জৈনকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে সেই উপলক্ষে সভাত ভাষণ দিয়ে। সভাত বৰ্তমানৰ অসম ৰঞ্জী ক্ৰিকেট দলৰ অধিনায়ক তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ কুনাল শইকীয়াক প্ৰাক্তন ছাত্ৰ সন্থাই সম্বৰ্ধনা জনায়। তেওঁৰ অনুপস্থিতিত কুনালৰ মাতৃয়ে সম্বৰ্ধনা গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে পুৱা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সভা আৰম্ভ হয় প্ৰাক্তন ছাত্ৰ সন্থাৰ সভাপতি ৰাজ কুমাৰ ছাৰাফে পতাকা উত্তোলনেৰে। ইয়াৰ পিছতে প্ৰাক্তন ছাত্ৰ সন্থাৰ সম্পাদক মুনিন শইকীয়াই স্বহীদ তৰ্পণ কৰে। সেই উপলক্ষে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্থাই দান কৰা এটা কেঁচুসাৰ পচন সুবিধাকেন্দ্ৰ উদ্বোধন কৰে জগদীশ বাজাজে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় য’ত জনপ্ৰিয় কণ্ঠশিল্পী মন্তু শইকীয়াই কণ্ঠদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More