লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আত্মনিৰ্ভৰ ভাৰত সম্পৰ্কীয় আই চি এছ এছ আৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ সামৰণি

0 30

উত্তৰ লখিমপুৰ, ৪ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত আত্মনিৰ্ভৰ ভাৰত আৰু উত্তৰ-পূব শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনি সফলতাৰে সামৰণি পৰে। মহাবিদ্যালয়খনৰ বাণিজ্যিক আইন বিভাগ আৰু আই.কিউ.এ. কোষৰ উদ্যোগত এই আলোচনা চক্ৰৰ দ্বাৰা আয়োজিত আলোচনা চক্ৰখনিৰ আজি দ্বিতীয় তথা অন্তিম দিনৰ দুখনকৈ সমান্তৰাল কাৰিকৰি সত্ৰ অনুষ্ঠিত হয়। উক্ত কাৰিকৰি সত্ৰ কেইখন পৰিচালনা কৰে অধ্যাপক ছাজ্জাদ হুছেইন আৰু ড° দিগন্ত কুমাৰ দাসে। ইয়াৰ পিছতে অধ্যক্ষ ড° লোহিত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত আলোচনা সত্ৰত গৱেষণা পত্ৰ পাঠ কৰা অংশগ্ৰহণকাৰী সকলক মানপত্ৰ প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে যোৱা ৩ মাৰ্চ তাৰিখে আলোচনা সত্ৰখনি উদ্বোধন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ মুহিধৰ পূজাৰীয়ে। আলোচনা চক্ৰৰ আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। আলোচনা চক্ৰৰ মূল ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মেনেজমেণ্টৰ বিশিষ্ট অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰাঞ্জল বেজবৰাই। অধ্যাপক ড০ প্ৰাঞ্জল বেজবৰা আৰু অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক তথা ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক ড০ প্ৰসন্ন পানীগ্ৰহীৰ অধ্যক্ষতাত প্ৰথম দিনাই আলোচনা চক্ৰৰ দুটা কাৰিকৰী সত্ৰ অনুষ্ঠিত হয়। দুদিনীয়া আলোচনা চক্ৰত মুঠ ৩২ খন গৱেষণা পত্ৰ দাখিল কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More