লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আই চি এছ এছ আৰৰ পৃষ্ঠপোষকতাত সেউজ পদ্ধতিৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত

0 44

 উত্তৰ লখিমপুৰঃ ২০ মাৰ্চঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত বহনক্ষম উন্নয়নৰ দিশত সেউজ পদ্ধতি: একবিংশ শতিকাত ইয়াৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অৰ্থনীতি, বেংকিং আৰু বাণিজ্য বিভাগৰ উদ্যোগত দুদিনীয়া আলোচনা চক্ৰখন উদ্বোধন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই। বন্তুি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ বৰাই। অনুষ্ঠানৰ উদ্বোধনী আৰু আদৰণি ভাষণত অধ্যক্ষ ড০ লোহিত হাজৰিকাই কয় যে সেউজ পদ্ধতি গ্ৰহণ কৰাটো পৰিৱেশক প্ৰভাৱিত নকৰাকৈ সামাজিক-অৰ্থনৈতিক উন্নয়ন লাভৰ গতানুগতিক ব্যৱস্থাৰ পৰা এক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া। তেওঁ আৰু কয় যে পৰিৱেশৰ বহনক্ষমতাৰ বাবে অপৰিহাৰ্য সেউজ অৰ্থনীতি ভাৰতত নৱজাত পৰ্যায়তে আছে য’ত স্থানীয় পৰ্যায়ত ইয়াৰ ৰূপায়ণেই মূল কৰায়েই সকলোতকৈ গুৰুত্বপূৰ্ণ। আলোচনা চক্ৰৰ উদ্বোধনী অধিবেশনৰ মূল ভাষণ প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসনৰ সহযোগী অধ্যাপক ড০ ত্ৰিদিৱ ৰঞ্জন শৰ্মাই। তেওঁৰ মূল ভাষণত ড০ শৰ্মাই বিশ্বজুৰি সাংগঠনিক পৰ্যায়ত সেউজ পদ্ধতিৰ বিৱৰ্তনৰ পাঁচটা পৰ্যায় আৰু উন্নয়নশীল আৰু অনুন্নত বিশ্বৰ পৰিৱেশগত পদ্ধতিসমূহক চহকী, ঔদ্যোগিক জগতখনে ৰূপায়ণ কৰা পৰিঘটনাৰ গতিপথৰ বিষয়ে অৱগত কৰে। উদ্বোধনী অধিৱেশনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজনেছ মেনেজমেণ্টৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰাঞ্জল বেজবৰা, মহাবিদ্যালয়খনৰ উপাধ্যক্ষ জি.কে. চেত্ৰী, গৱেষণা পত্ৰ উপস্থাপক, মহাবিদ্যালয়ৰ অধ্যাপক সকল আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। বেংকিং বিভাগৰ সহকাৰী অধ্যাপক অনিৰ্বান পাটগিৰীয়ে আঁত ধৰা অধিৱেশনত শলাগৰ শৰাই জ্ঞাপন কৰে মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° সংগীতা তামুলী বৰঠাকুৰে। আলোচনা চক্ৰৰ উদ্বোধনী অধিবেশনৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজনেছ মেনেজমেণ্টৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰাঞ্জল বেজবৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰথম কাৰিকৰী অধিবেশন। তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসনৰ সহযোগী অধ্যাপক ড০ ত্ৰিদীৱ ৰঞ্জন শৰ্মাই সমল ব্যক্তি হিচাপে অধিৱেশনত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আজিৰ অধিবেশনত মুঠ সোতৰখন গৱেষণা পত্ৰ পাঠ কৰা হয়। কাইলৈ ​​আলোচনা চক্ৰৰ আৰু দুটা কাৰিকৰী অধিবেশন হ’ব য’ত ত্ৰিশখনতকৈও অধিক গৱেষণা পত্ৰ উপস্থাপন কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More