লখিমপুৰ বাণিজ্য মহাবিদ্যালয় বক্তৃতানুষ্ঠান

0 149
লখিমপুৰ: ২ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগৰ উদ্যোগত আজি বিত্তীয় অন্তৰ্ভুক্তিৰ বিষয়ত এক বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। সেই উদ্দেশ্যে আয়োজিত এক কাৰ্যসূচী  উদ্বোধন কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। হিচাপ বিদ্যা বিভাগৰ অধ্যাপক ড° দিগন্ত কুমাৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড়ৰ দানবীৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগৰ সহকাৰী অধ্যাপক তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পংকজ ছাহুৱে। অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিত্তীয় অন্তৰ্ভুক্তিৰ বিষয়ে বিতং তথ্য আৰু বিশ্লেষণেৰে আলোচনা আগবঢ়াই অধ্যাপক ছাহুৱে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই হিচাপ বিদ্যা বিভাগৰ অধ্যাপক ড° ৰিন্টি দত্তই।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More