ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্রতিনিধি, লখিমপুৰ, ১৯ মেঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় হিচাপ বিদ্যা দিৱস পালন কৰা হয়। সেই উদ্দেশ্যে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগৰ উদ্যোগত আজি এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। এই কাৰ্যসূচী উদ্ধোধন কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। হিচাপ বিদ্যা বিভাগৰ অধ্যাপক ড° দিগন্ত কুমাৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে চাৰ্টাদ একাউন্টেন তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মনীশ ৰাথীয়ে। অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হিচাপ বিদ্যাৰ প্ৰয়োগৰ বিভিন্ন দিশৰ বিষয়ে তেওঁ বিতং তথ্য আৰু বিশ্লেষণেৰে আলোচনা আগবঢ়ায়। অনুষ্ঠানৰ শেষত সামৰণী ভাষণ আগবঢ়াই হিচাপ বিদ্যা বিভাগৰ মুৰব্বী তথা উপাধ্যক্ষ অধ্যাপক গোপাল কুমাৰ চেত্ৰীয়ে। অনুষ্ঠান বেংকিং বিভাগৰ মুৰব্বী অধ্যাপক মহেশ ভাগৱতী, হিচাপ বিদ্যা বিভাগৰ অধ্যাপক দীপুল বৰুৱা, ড° ৰিন্টি দত্ত, গ্ৰান্থগাৰিক ৰুণজুণ বৰুৱা সহ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা