উত্তৰ লখিমপুৰ: ২৫ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি পাঁচবিধ নতুন সংযোজিত পাঠ্যক্ৰমৰ অন্তৰ্ভু্ক্তি কৰা হয়। মহাবিদ্যাল্যৰ আভ্যন্তৰীণ মাপ নিৰূপক কোষৰ উদ্যোগত সেই উদ্দেশ্যে আয়োজিত এক কাৰ্য্যসূচী উদ্বোধন কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। উদ্বোধনী অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্য কৰে আভ্যন্তৰীণ মাপ নিৰূপক কোষৰ সমন্বয়ৰক্ষী ড° দাদুল ৰাজকোঁৱৰে। মহাবিদ্যালয়ত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিষয়সমুহ হৈছে শ্বেয়াৰ মাৰ্কেট আধাৰ পাঠ, স্পকেন ইংলিছ আৰু ব্যক্তিত্ব বিকাশ, মিডিয়া আৰু চলচিত্ৰ অধ্যয়ন, মহিলাৰ আত্মৰক্ষা আৰু যোগ বিজ্ঞান। মহাবিদ্যালয়ৰ আগন্তুক নতুন শিক্ষা বৰ্ষৰ পৰা স্নাতক পৰ্য্যায়ত এই বিষয় সমুহৰ পাঠদান আৰম্ভ হ’ব বুলি অধ্যক্ষ ড° লোহিত হাজৰিকাই সভাত উল্লেখ কৰে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.