লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকা উন্মোচন

0 63

উত্তৰ লখিমপুৰ: ২৮মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকা লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ জাৰ্নেলৰ দুটা সংখ্যাৰ উন্মোচন কৰা হয়। সেই উদ্দেশ্য মহাবিদ্যালয়ৰ গৱেষণা কোষৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ জাৰ্নেলৰ ২০১৪ ৰ অক্টোবৰৰ পৰা ২০২১ৰ ছেপ্টেম্বৰলৈকে পূৰ্বৰ এটা সংখ্যা আৰু ২০২১ৰ অক্টোবৰৰ পৰা ২০২২ৰ মাৰ্চলৈ থকা সাম্প্ৰতিক সংখ্যা দুটা উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° জিতেন হাজৰিকাই। ইয়াৰ পূৰ্বে সভাখনি উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। অধ্যক্ষই প্ৰদান কৰা আদৰণী ভাষণত ক’ভিদ মহামাৰীৰ বাবে গৱেষণা পত্ৰিকাৰ পূৰ্বৰ সংখ্যা সমূহ প্ৰকাশত বিলম্ব ঘটাৰ কথা উল্লেখ কৰে। গৱেষণা পত্ৰিকা উন্মোচন কৰি দিয়া ভাষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° জিতেন হাজৰিকাই মহাবিদ্যালয়ৰ শিক্ষকসকলে নিজৰ জীৱিকাৰ বাবে কৰা কাম সমূহে সমাজৰ হিত সাধন কৰে বুলি উল্লেখ কৰি গৱেষণা পত্ৰিকাই সমাজিক ক্ষেত্ৰখনত বহুপৰিমাণে সমৃদ্ধ কৰে বুলি মন্তব্য কৰে। তেখেতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকাখনে ইউ.জি.চি. কেয়াৰ লিষ্টৰ তালিকাত ভবিষ্যতে অন্তৰ্ভুক্ত হৈ পিছলৈ বিশ্বমানদণ্ডৰ স্কপাছ ডাটাবেছত ঠাই পাব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপক কোষৰ সঞ্চালক ড° কল্যাণ ভূঞাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে। সভাত লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ জাৰ্নেলৰ সম্পাদক ড° সংগীতা বৰঠাকুৰ তামুলীয়ে সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰদান কৰে। উন্মোচনী সভাৰ আঁত ধৰে অধ্যাপক কুলদীপ নাৰায়ন দত্তই। ইয়াৰ পৰৱৰ্তী আন এক কাৰ্যসূচীত মহাবিদ্যালয়ৰ শিক্ষকৰ আচৰণবিধি আৰু পেছাদাৰী আচাৰ-বিধিৰ বিষয়ত দুখনকৈ কৰ্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ আচৰণবিধি নিৰীক্ষণ কোষৰ সৌজন্যত আয়োজিত এই কৰ্মশালা দুখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে যথাক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° জিতেন হাজৰিকা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপক কোষৰ সঞ্চালক ড° কল্যাণ ভূঞাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More