লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত চাইবাৰ একাউণ্ট হেক হোৱা-একাউন্ট হেকৰোধৰ কৌশল প্ৰদৰ্শন

0 21

শতাব্দ প্ৰতিনিধি ,লখিমপুৰ: ২৭ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি চাইবাৰ ছিকিউৰিটিৰ এক সজাগতা সভা অনুষ্ঠিত হৈ যায় । মহাবিদ্যালয়ৰ চাইবাৰ ছিকিউৰিটি কোষৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত নতুন দিল্লীৰ গ্ৰাচিয়া টেকন’লজীৰ বিজু পেগু আৰু বৰুণ পাঠকে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। এই উদ্দেশ্য আয়োজিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ চাইবাৰ ছিকিউৰিটি কোষৰ সদস্য মৃদুস্মৃতা হাজৰিকাই। সভাত সমল ব্যক্তি বিজু পেগু আৰু বৰুণ পাঠকে চাইবাৰ জগতৰ ডিজিটেল লেন দেন, ছ’চিয়েল মিডিয়াৰ বিভিন্ন ছাইটৰ একাউণ্ট হেক হোৱা আৰু হেক ৰোধ কৰাৰ বিভিন্ন ব্যৱস্থা আৰু কৌশল ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰী সকলক প্ৰদৰ্শন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকা সহ সকলো শিক্ষক কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰা এই সজাগতা সভাৰ অন্তত শলাগৰ শৰাই প্ৰদান কৰে মহাবিদ্যালয়ৰ চাইবাৰ ছিকিউৰিটি কোষৰ আহ্বায়ক অধ্যাপক মহেশ দত্তই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More