লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

0 46

শতাব্দ প্ৰতিনিধি লখিমপুৰ: ৩১ মে’: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি জিলা ন্যায়িক সেৱা প্ৰাধিকৰণ আৰু জিলা সমাজ কল্যাণ বিভাগৰ জিলা পৰ্যায়ৰ মহিলা কেন্দ্ৰৰ মহিলা শক্তি কেন্দ্ৰৰ সহযোগত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। সেই উদ্দেশ্যে আজি পুৱাৰ ভাগত মহাবিদ্যালয়ৰ পৰা ধঁপাত বিৰোধী এক সমদল বাহিৰ কৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে জিলা ন্যায়িক চৌহদৰ সন্মুখত ধঁপাত বিৰোধী এক বাটৰ নাট পৰিবেশন কৰে। বাটৰ নাট অনুষ্ঠানৰ ব্যৱস্থাপনাত সহায় কৰে অধ্যাপক বহ্নিশিখা বৰদলৈ, ড° হৰিণী পাটোৱাৰী, ড° বিভা দত্ত, দীপজান গোহাঁই, পংকজ লোচন দাস আদিয়ে। ইয়াৰ পিছতে মূল বিষয়ক এক সভা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হয়। অধ্যক্ষ ড° লোহিত হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লখিমপুৰ জিলা ন্যায়িক সেৱা প্ৰাধিকৰণৰ সম্পাদক অনুপ খানালে। সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ ছামিউল আখতাৰ বৰবাৰাই। অনুষ্ঠানত ধঁপাত বিৰোধী কেইবাখনো চুটি ছবি প্ৰদৰ্শন কৰা হয়। কুকি বৰুৱাৰ শলাগৰ শৰাইৰে সামৰণি পৰা অনুষ্ঠানটিত আঁত ধৰে প্ৰাঙ্গণা বৰাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More