লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী

0 58

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰম্ভণী অনুষ্ঠান আজিৰে পৰা অনুষ্ঠিত হয়৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে কাৰ্গিল যোদ্ধা শোভন চন্দ্ৰ কাকতিয়ে৷ মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ পিছতে সোণালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানৰ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ সুৰজিৎ ভূঞাই৷ ছাত্ৰী শিল্পীশিখা শইকীয়াই পৰিচালনা কৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰে অধ্যাপক ৰবিন কাকতিয়ে ৷ সভাত কাৰ্গিল যোদ্ধা শোভন চন্দ্ৰ কাকতি আৰু কবি জয়ন্ত কুমাৰ হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ অনুষ্ঠানত মহাবিদ্যালয়খনৰ কেবাগৰাকী ছাত্ৰীয়ে বিভিন্ন নৃত্য-গীত পৰিৱেশন কৰি অনুষ্ঠানটি প্ৰাণৱন্ত কৰি তোলে৷ আজিৰ কাৰ্যসূচীত মহাবিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকলে অংশগ্ৰহণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More