লখিমপুৰ, বিশ্বনাথ, পাপুমপাৰেৰ আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান অংশক লৈ সহমতত উপনীত অসম-অৰুণাচল

ইটানগৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, অৰুণাচলৰ শিক্ষা মন্ত্ৰী তেবা টেডিৰ অধ্যক্ষতাত উভয় ৰাজ্যৰ আঞ্চলিক সমিতিৰ বৈঠক সফলতাৰে সম্পন্ন

0 18

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ইটানগৰ, ৯ জানুৱাৰী : লখিমপুৰ, বিশ্বনাথ, পাপুমপাৰে সংলগ্ন আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান অংশৰ স্থায়ী সমাধান সূত্ৰ নিৰূপণৰ দিশত পাৰস্পৰিক বুজাবুজিৰ আধাৰত আজি অসম আৰু অৰুণাচল প্ৰদেশ উভয়ে সহমতত উপনীত হয়। লখিমপুৰ, শোণিতপুৰ (বিশ্বনাথ) আৰু পাপুমপাৰে জিলা সংলগ্ন অংশত অসম-অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে উভয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা কেবিনেট মন্ত্ৰীৰ অধ্যক্ষতাত গঠন কৰি দিয়া আঞ্চলিক সমিতি দুখনৰ মাজত দেওবাৰে ইটানগৰত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক সফলতাৰে সম্পন্ন হয়।WhatsApp Image 2023 01 09 at 6.47.31 PM ইটানগৰস্থিত অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সচিবালয়ত সোমবাৰে দুয়োপক্ষৰ মাজত পুৱাৰে পৰা নিশালৈ চলা আঠ ঘণ্টাৰো অধিক সময় ধৰি চলা এই বৈঠকত তিনিওখন জিলাই সামৰা আন্তঃৰাজ্যিক সীমান্তৰ অৱশিষ্ট বিবদমান অংশসমূহক লৈ উভয় পক্ষই ঐতিহাসিক বুজাবুজিত উপনীত হ’বলৈ সক্ষম হয়। দুয়ো ৰাজ্যৰ আঞ্চলিক সমিতিক নেতৃত্ব দিয়া অৰুণাচলৰ শিক্ষামন্ত্ৰী তেবা টেডিৰ আৰু অসমৰ স্বাস্থ্য মন্ত্ৰী অধ্যক্ষ কেশৱ মহন্তৰ যৌথ অধ্যক্ষতাত ইটানগৰৰ ৰাজ্যিক সচিবালয়ত আগবেলাৰ পৰা নিশা ৮ বজালৈ অনুষ্ঠিত এই বৈঠকত লখিমপুৰ আৰু শোণিতপুৰ (বিশ্বনাথ অংশ) জিলাৰে সৈতে অৰুণাচলৰ পাপুমপাৰে জিলা সংলগ্ন সীমান্তৰ বিবদমান অংশক লৈ পুনৰবাৰ সৌহাৰ্দপূৰ্ণ পৰিৱেশত হোৱা বিস্তাৰিত ভাৱে আলোচনাৰ অন্তত উভয় ৰাজ্যৰ মাজৰ ঐতিহাসিক যুগসূত্ৰ আৰু পাৰস্পৰিক সৌহাৰ্দ-ভাতৃত্ববোধৰ সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদানেৰে এই সহমতত উপনীত হয় দুয়োখন আঞ্চলিক সমিতি। অসমৰ লখিমপুৰ, শোণিতপুৰ (বিশ্বনাথ) আৰু অৰুণাচলৰ পাপুমপাৰে জিলাৰে সংলগ্ন সীমান্তক লৈ ইতিপূৰ্বে হোৱা আলোচনাত সমাধানসূত্ৰ নোলোৱাকৈ ৰৈ যোৱা আটাইকেইটা অংশৰ ক্ষেত্ৰতে আজি দুয়োপক্ষই সহমতত উপনীত হয়। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ মাজত ২০২২ চনত সম্পাদন হোৱা নামচাই ঘোষণাপত্ৰৰ আধাৰত আন্তঃৰাজ্যিক সীমান্তৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধানসূত্ৰ নিৰূপণৰ বাবে হোৱা আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকত অসমৰ আঞ্চলিক সমিতিখনৰ সদস্য হিচাপে থকা বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত-সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সচিব প্ৰভাতী থাউচেন, লখিমপুৰ-শোণিতপুৰ (বিশ্বনাথ)ৰ উপায়ুক্তদ্বয়, বিশ্বনাথ-লখিমপুৰৰ ডিএফঅ’, চক্ৰ বিষয়াসকলে অংশগ্ৰহণ কৰাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ আঞ্চলিক সমিতিৰ সদস্য দুইমুখৰ বিধায়ক টানা হালিটাৰা, ইটানগৰৰ বিধায়ক টেকি কাছু, গৃহ আৰু সীমান্ত বিভাগৰ প্ৰধান সচিব কালিং টায়েং, সীমান্ত বিভাগৰ যুটীয়া সচিব ৰাজীৱ টাকুক, পাপুমপাৰে জিলা আৰু পশ্চিম কামেং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক, ডিএফঅ’সকলৰ লগতে চক্ৰ বিষয়াসকলে ভাগ লয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More