লখিমপুৰ মেডিকেল কলেজত পাৰ্কিং মাছুল সংগ্ৰহক লৈ উত্তপ্ত পৰিস্থিতি

অধ্যক্ষ-স্বাস্থ্য মন্ত্ৰীৰ পুত্তলিকা দাহ অসমীয়া যুৱ মঞ্চৰঃ লখিমপুৰৰ সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়া

0 17

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ  সম্পূৰ্ণ অগণতান্ত্ৰিক ভাৱে জনবিৰোধী নীতিৰে লখিমপুৰ মেডিকেল কলেজ হাস্পতাল চৌহদত পাৰ্কিং কৰ সংগ্ৰহ কৰা কাৰ্যই লখিমপুৰবাসীক স্তম্ভিত কৰি তুলিছে৷ যাৰ বাবে বৃহস্পতিবাৰ আৰু আজি শুক্ৰবাৰে মেডিকেল কলেজ চৌহদত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়৷ উল্লেখ্য যে লখিমপুৰ মেডিকেল কলেজ কতৃৰ্পক্ষই চিকিৎসা মহাবিদ্যালয়খনত পাৰ্কিঙৰ বাবে প্ৰতিঘণ্টাত গধুৰ যানবাহনৰ বিপৰীতে ৩০ টকা, সৰু চাৰিচকীয়া বাহনৰ বিপৰীতে ২০ টকা, টেম্পু, ই ৰিস্কা আদিৰ বিপৰীতে ১০ টকা, মটৰ চাইকেলৰ বিপৰীতে ৫টকা ধাৰ্য কৰি কৰ সংগ্ৰহ কৰা কাৰ্যত জাঙোৰ খাই উঠিছে অসমীয়া যুৱ মঞ্চকে ধৰি বিভিন্ন দল সংগঠন৷ বৃহস্পতি বাৰে মেডিকেল চৌহদত দুই সংগঠনে প্ৰতিবাদ জনোৱাৰ পিছত আজি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান অনুপম শইকীয়াৰ নেতৃত্বত মেডিকেল চৌহদত ইয়াৰ প্ৰতিবাদত পৃথকে প্ৰতিবাদ জনাই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ মঞ্চই পুৱাবেলা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পুত্তলিকা দাহ কৰাৰ বিপৰীতে বিয়লি লখিমপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত চিকিৎসালয়খনৰ অধ্যক্ষ ডাঃ ববিজিৎ গোস্বামীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে মেডিকেল কতৃৰ্পক্ষই গুৱাহাটীৰ চলিউচন নৰ্থ ইষ্ট নামৰ এটা কোম্পানীক চিকিৎসা মহাবিদ্যালয়খনত ৰোগী, ৰোগীৰ অভিভাৱক, ৰোগী কঢ়িওৱা বাহন আদিৰ পৰা পাৰ্কিং মাছুল সংগ্ৰহ কৰিবলৈ দিয়া কাৰ্যত সংগঠন সমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবী জনায়৷ আজি মেডিকেল চৌহদত ববিজিৎ গোস্বামীক নিলম্বন কৰক, পাৰ্কিং মাচুল সংগ্ৰহ কাৰ্য বন্ধ কৰক, অধ্যক্ষৰ মইমতালি নচলিব আদি বিভিন্ন শ্লগান দি চিকিৎসালয়খনৰ চৌপাশ কঁপাই তোলাৰ লগতে অধ্যক্ষ আৰু মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে৷ ইফালে মেডিকেল কতৃৰ্পক্ষৰ এনে জনবিৰোধী কাৰ্যক লখিমপুৰবাসীয়ে তীব্ৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে পাৰ্কিং মাচুল সগ্ৰহ কৰা কাৰ্য বন্ধৰ দাবী জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More