লখিমপুৰ লীলাবাৰী বিমান বন্দৰৰ পৰা প্ৰথম উৰিল “এলায়েন্স এয়াৰ”ৰ বিমান
পাছিঘাট, জিৰ', শ্বিলঙলৈ লখিমপুৰৰ পৰা বিমান সেৱা আৰম্ভ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩০ অক্টোবৰ ; আজিৰে পৰা লখিমপুৰৰ লীলাবাৰী বিমানকোঠৰ পৰা চলিছে এলায়েন্স এয়াৰৰ বিমান সেৱা । উত্তৰ পূবৰ আকাশত সেয়ে একেদিনাই উৰিব ৫ খনকৈ এলায়েন্স এয়াৰৰ বিমান। উড়ান আঁচনিৰ অন্তৰ্গত লীলাবাৰী, জিৰ’, শ্বিলং, ইম্ফল আৰু আইজল এই বিমানকোঠ কেইটাৰ পৰা চলাচল কৰিব এই বিমান। আজি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাজ্যমন্ত্ৰী জি কে সিঙৰ সৈতে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলী লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ পৰা শ্বিলং আৰু জিৰ’ লৈ এই বিমান সেৱা শুভাৰম্ভ কৰে । লীলাবাৰীৰ পৰা সপ্তাহত চাৰিটা দিন শ্বিলং লৈ আৰু দুটা দিন জিৰ’লৈ চলিব এই বিমান। ভাৰ্চুৱেলী শুভাৰম্ভ কৰা এই কাৰ্যসূচীত লখিমপুৰ লীলাবাৰী বিমান কোঠত উপস্থিত থাকে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, লখিমপুৰ জিলা উপায়ুক্ত সুমিত সত্তাৱন, আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু বিমান প্ৰাধিকৰণৰ বিষয়াবৰ্গ। লীলাবাৰী বিমান বন্দৰত এই উপলক্ষে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকাই কেক কাটি বিমান সেৱাৰ আনুষ্ঠানিকতা সম্পন্ন কৰে ।