লখিমপুৰ শিক্ষাখণ্ডত ৫জন দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰী সু-খ্যাতিৰে উত্তীৰ্ণ 

0 24

 উত্তৰ লখিমপুৰ, ১০ জুনঃ  হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিব্যাঙ্গতাক নেওচি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে লখিমপুৰ শিক্ষা খণ্ডৰ ৫জনকৈ দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰীয়ে।সৰ্বশিক্ষা অভিযান মিছন লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ জৰিয়তে সাধাৰণ বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰি কদম জৰাধৰা গাৱঁৰ পংকজ সোনোৱালৰ অঙ্গ সঞ্চালনৰ সমস্যা থকা পুত্ৰ মনদ্বীপ সোনোৱালে কদম মুলা গাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সমাজ বিজ্ঞান বিষয়ত লেটাৰ সহ ৭০% নম্বৰেৰে প্ৰথম বিভাগত, নবোজ্বল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সমুজ্বল নেওঁগে দ্বিতীয় বিভাগত, ক্ষীন দৃষ্টিসম্পন্ন ৰীমা কোঁচে শ্বহীদ গৌতম মিলি উঃমাঃবিদ্যালয়ৰ পৰা, পদ্মনাথ গোহাঞিবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰৱণ সমস্যা থকা ছাত্ৰী স্নেহা বসু আৰু সৰস্বতী দৈমাৰীয়ে লক্ষেশ্বৰ বৰা উঃমাঃবিদ্যালয়ৰ পৰা তৃতীয় বিভাগত উত্তীৰ্ণ হৈ শিক্ষা খণ্ডটিলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে আন দিব্যাঙ্গ সকলৰ বাবে প্ৰেৰণাৰ উৎস হ’ব বুলি মত প্ৰকাশ কৰে সৰ্বাত্মক শিক্ষাৰ সমল ব্যক্তি পংকজ হাজৰিকাই।আনহাতে আজি লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষাৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা, দিপক শইকীয়া, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক হেমন্ত হাজাৰিকাসহ এটি সঁজাতি দলে মনদ্বীপ সোনোৱালৰ ঘৰত উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে এই শিশু সকলৰ শিক্ষাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰা প্ৰতিজন শিক্ষক -শিক্ষয়িত্ৰী, সহপাঠী আৰু ব্যক্তি বিশেষক ধন্যবাদ জ্ঞাপন কৰে।পৰৱৰ্তী সময়ত আন কৃৰ্তী দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱা হ’ব বুলি সমল ব্যক্তি সকলে জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More