লখিমপুৰ শিক্ষা খণ্ডত অঙ্গনৱাড়ী কৰ্মী -শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণ

0 53

উত্তৰ লখিমপুৰ, ৫ মেঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ তত্বাৱধানত সৰ্বাত্মক শিক্ষাৰ ওপৰত এক চাৰিদিনীয়া প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰা হয়। আজি উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ তিনিশ অঙ্গনবাড়ী কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হয়।পুৱা ১০বজাত প্ৰশিক্ষণ শিৱিৰটি শুভ উদ্বোধন কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিনোদ মৰাঙে। অতিথি হিচাপে উপস্থিত থাকি লখিমপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া বিৰিঞ্চি চন্দ্ৰ বৰা আৰু সৰ্বাত্মক শিক্ষাৰ জিলা আঁচনি বিষয়া গুণজিৎ ঠাকুৰীয়াই। লখিমপুৰ উন্নয়ন খণ্ডৰ অধীনৰ সকলো মুখ্য সেৱিকাসহ কৰ্মীসকলক “দিব্যাঙ্গ ব্যক্তিৰ অধিকাৰ অধিনিয়ম-২০১৬ত উল্লেখিত ২১প্ৰকাৰৰ দিব্যাঙ্গতাৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁলোকক চিনাক্তকৰণ পদ্ধতি, চৰকাৰী আঁচনি সমূহৰ ওপৰত প্ৰশিক্ষণ আগবঢ়াই লখিমপুৰ শিক্ষা খণ্ডৰ সমল ব্যক্তি পংকজ হাজৰিকা, দিপক শইকীয়া আৰু বিহপুৰীয়া শিক্ষা খণ্ডৰ সমল ব্যক্তি ৰেজুৱান উল্লাই। আনহাতে ৬মে তাৰিখে উক্ত স্থানত, ৭মে’ত কদম মজলীয়া বিদ্যালয়ত আৰু ৯মে’ত ৰূপহী বালিকা মধ্য ইংৰাজী বিদ্যালয়ত উক্ত এলেকাৰ অঙ্গনবাড়ী কৰ্মী আৰু শিক্ষক -শিক্ষয়িত্ৰীসকলৰ বাবে প্ৰশিক্ষণ অনুস্থিত হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More