লভিতাৰ শুধৰণিৰ বাবে ১০দিনৰ সময়সীমা লাচিত সেনাৰ

অন্যথা তেজপুৰত আৱাহনৰ প্ৰদৰ্শনত বাধা দিয়াৰ হুংকাৰ

0 34

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ১২ অক্টোবৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি “লভিতা” নাটকখন বিকৃত ৰূপ দি উপস্থাপন কৰাৰ বিৰুদ্ধে সোচ্চাৰ হৈছে বীৰ লাচিত সেনা অসম৷ আৱাহন থিয়েটাৰক এই ভুলৰ শুধৰণি কৰিবলৈ ১০ দিনৰ সময় সীমা বান্ধি দিছে সংগঠনটোৱে৷অন্যথা আৱাহন থিয়েটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰো সতৰ্কবাণী শুনাইছে সংগঠনটোৱে৷আজি তেজপুৰত এক সংবাদমেলত এই বিষয়ে সদৰি কৰে বীৰ লাচিত সেনাই৷তেজপুৰস্হিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত আজি দুপৰীয়া অনুষ্ঠিত এক সংবাদ মেলত বীৰ লাচিত সেনা অসমৰ সংস্কৃতিক সম্পাদক নবদ্বীপ বৰাই আৱাহন থিয়েটাৰে লভিতাৰ বিকৃত ৰূপ দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি “লভিতা” ক অস্ত্ৰোপচাৰ কৰি লভিতাৰ মূল দৰ্শনকেই বিকৃত কৰি প্ৰস্তুতি পৰাশৰ প্ৰযোজিত “আৱাহন থিয়েটাৰ”ত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই প্ৰদৰ্শন কৰাৰ দু:সাহস কৰিছে৷এনে দুস্কাৰ্যক সংগঠনটোৱে গৰিহণা দিয়ে৷সংবাদ মেলত লগতে লাচিত সেনাই কয় যে যদিহে আগন্তুক ১০ দিনৰ ভিতৰত নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই নাটকখন শুধৰণি কৰি মঞ্চস্থ নকৰে তাৰ বাবে সমস্যাৰ সন্মুখীন হব লাগিব।আনকি তেজপুৰত মাৰ্চত আৱাহন থিয়েটাৰৰ নিৰ্দ্ধাৰিত প্ৰদৰ্শনী বন্ধ কৰি দিয়া হ’ব বুলিও সতৰ্ক কৰি দিয়ে সংগঠনটোৰ বিষয়ববীয়া সকলে৷ তেওঁলোকে সংবাদমেলত কয় যে ‘লভিতা’ কেৱল এখন নাটক নহয় , ই অসমীয়া নাৰী সত্বাৰ প্ৰতিনিধি । এই নাটকৰ মাজত নিহিত আছে অসমীয়া বীৰাংগনা নাৰীৰ দেশ প্ৰেম ,সাহস আৰু ত্যাগৰ ঐতিহ্য । লগতে ‘লভিতা’ ক বিজাতৰীয়া কৰা মানে অসমীয়া নাৰী সত্বাক অপমান কৰা বুলি অভিহিত কৰে লাচিত সেনাৰ বিষয়ববীয়া সকলে৷তেওঁলোকে লগতে প্ৰশ্ন কৰে যে আৱাহনৰ ‘লভিতা’ খন যদি জ্যোতিপ্ৰসাদৰ ‘লভিতা’ নহয়,তেনেহলে এইখন নাটকৰ নাম কিয় “লভিতা” ৰখা হল? ‘লভিতা’ নাম ৰাখি অভিজিৎ ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক লৈ ব্যৱসায় কৰা বুলিও ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে৷ভ্ৰাম্যমাণ মূলতঃ ব্যৱসায়িক নাট্যগোষ্ঠী আৰু বৰ্তমান এই নাট্যগোষ্ঠীয়ে পিতৃ মাতৃ পুত্ৰ কন্যা সকলোকে একেলগে অৰ্দ্ধনগ্ন দৃশ্য চাবলৈ বাধ্য কৰা বুলি বিষোদ্গাৰ প্ৰকাশ কৰি সংগঠনটোৱে ধন ঘটাৰ বাবে এই সকলে আনকি অসমীয়া জাতিৰ সন্মান বিক্ৰী কৰিবলৈও প্ৰস্তুত বুলি সমালোচনা কৰে৷ কপি ৰাইটৰ আওঁতাত নপৰে বুলি কোৱা নাট্যকাৰ ভট্টাচাৰ্যই ভৱিষ্যতেও এনে আন সাহিত্যিকৰ সৃষ্টি বিকৃত কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰে সংগঠনটোৱে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More