ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুলাইঃ কালিমুল্লাহ খানে প্ৰতিদিনে পুৱা সাৰ পাই উঠাৰ পিছত নামাজ কৰে। প্ৰাৰ্থনা কৰি বৃদ্ধজন ডেৰ কিলোমিটাৰমান খোজকাঢ়ি যায়। তেওঁৰ ‘প্ৰাণভোমৰা’ তাতেই আছে। ১২০ বছৰ পুৰণি এজোপা আম গছ। কলিমুল্লাহে বহু বছৰ ধৰি এই আমজোপাক জীয়াই ৰাখিছে। কেৱল সেয়াই নহয়, বছৰ বছৰ ধৰি তেওঁ এই গছজোপাত প্ৰায় ৩০০বিধ ভিন্ন ধৰণৰ আম উৎপাদন কৰিছে। মৰমৰ আম গছজোপাৰ ওচৰ পাই কালিমুল্লাই প্ৰতিদিনে ম্লান চকুৰে গছজোপাক সযতনে নিৰীক্ষণ কৰে। পাতবোৰ আদৰ কৰাৰ পিছত চকুহালেৰে আম পকিছেনে নাই চাবলৈ লয়। আম পকা দেখিলে তেওঁৰ চকুহাল উজ্জ্বল হৈ পৰে। উত্তৰ প্ৰদেশৰ মালিহাবাদত থকা নিজৰ বাৰীত বহি ৮২ বছৰীয়া কলিমুল্লাহে সংবাদ মাধ্যমৰ আগত কয়— “কেইবা দশক ধৰি গৰম ৰ’দত কঠোৰ পৰিশ্ৰম কৰাৰ পুৰস্কাৰ হ’ল এই গছৰ বিভিন্ন আম। কিন্তু যদি কোনোবাই মনৰ দুৱাৰ খুলি দিয়ে তেন্তে তেওঁ বুজিব যে এইটোৱেই বিশ্বৰ আটাইতকৈ ডাঙৰ আম কোম্পানী।” তেওঁ বিভিন্ন আমগছ মিহলাই কেনেকৈ নতুন জাতৰ আম উৎপাদন কৰিব পাৰি তাৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছিল বহু বছৰ আগতেই। কালিমুল্লাই এজোপা গছ চোৱা-চিতা কৰিবলৈ আৰম্ভ কৰিছিল যাতে তাত সাতটা নতুন জাত আম উৎপন্ন হয়। কিন্তু সেই গছজোপা ধুমুহাত ভাগি পৰিল। তাৰ পিছতে কালিমে ১৯৮৯ চনত এই অতি পুৰণি গছজোপা পাইছিল। পৰীক্ষা কৰি বুজিব পাৰিছিল যে এই গছজোপা বিভিন্ন জাতৰ আম উৎপাদন কৰিবলৈ সক্ষম। তাৰ পাছৰে পৰা কালিমে এই গছজোপাৰ পৰা প্ৰায় ৩০০বিধ ভিন্ন জাতৰ আম উৎপাদন কৰিছে। প্ৰত্যেকৰে ৰুচি, টেক্সচাৰ, ৰং, আকৃতি বেলেগ বেলেগ। বলীউডৰ তাৰকা ঐশ্বৰ্য ৰায় বচ্চনৰ নামেৰে কলিমুল্লাই এবিধ আমৰ নাম ‘ঐশ্বৰ্য’ কৰিলে। তেওঁ দাবী কৰিছে যে এই আমটোৱেই তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ সৃষ্টি। কালিমুল্লাহৰ ভাষাৰে— “এই আমবিধ অভিনেত্ৰীগৰাকীৰ দৰেই ধুনীয়া। প্ৰতিটো আমৰ ওজন প্ৰায় এক কিলোগ্ৰাম। এই আমবোৰৰ বাহিৰৰ ছালত ৰঙা ৰঙৰ ৰং থাকে। এই আমটো অতি সোৱাদযুক্ত আৰু মিঠা।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শচীন টেণ্ডুলকাৰৰ নামেৰেও আমৰ নামকৰণ কৰিছে কলিমুল্লাই। এই তালিকাত ছোনিয়া গান্ধী, অমিত শ্বাহ আৰু অখিলেশ যাদৱৰ নামো আছে। তেওঁ কয়— “মানুহ মৰ্ত্যলোকৰ; কিন্তু আম চিৰন্তন। মানুহে যেতিয়াই ‘শচীন’ আম খায় তেতিয়াই মনলৈ আহে ক্ৰিকেটাৰ শচীনৰ কথা।” কালিমুল্লাহে দুখন ছালযুক্ত ‘অনাৰকালি’ আমো উৎপাদন কৰিছে। সেই আমৰ তৰপ দুটাৰ সোৱাদ আৰু গোন্ধ বেলেগ বেলেগ। এই ন মিটাৰ ওখ আমজোপাৰ ডাঠ ডালবোৰত থকা ঘন পাতবোৰে গ্ৰীষ্মকালত সুখদায়ক ছাঁ দিয়ে। গছৰ পাতবোৰো বিভিন্ন প্ৰকাৰৰ। কিছুমান হালধীয়া, কিছুমান গাঢ় সেউজীয়া ৰঙৰ। কালিমুল্লাই কয় যে বিভিন্ন জাতৰ আম মিহলাই হাইব্ৰিড আম তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াটো অতি জটিল। বিশেষ জাতৰ আম গছৰ ডাল এটা অতি সাৱধানে শিপা গছৰ পৰা কাটি লোৱা হয়। তাৰ পিছত আন এটা জাতৰ এটা শাখা সেই শাখাটোৰ সৈতে একেলগে টেপ কৰা হয়। ডাল দুটাৰ সংযোগস্থল টান হ’লে টেপটো আঁতৰাই পেলাব লাগে। পিছলৈ সেই ডাল দুটাৰ পৰা নতুন নতুন ডাল গজি নতুন জাতৰ আমৰ জন্ম দিয়ে। কালিমুল্লাই গৌৰৱেৰে দাবী কৰে যে তেওঁ ইচ্ছা কৰিলে মৰুভূমিতো আম খেতি কৰিব পাৰে। অৱশ্যেই তেওঁ আম খেতি কৰা ঠাইত ভাৰতত সৰ্বাধিক আম উৎপাদন হয়। মল্লিয়াবাদত ৩০ হাজাৰ হেক্টৰতকৈ অধিক ভূমিত আমৰ বাগিচা আছে। ভাৰতৰ মুঠ আম উৎপাদনৰ প্ৰায় ২৫ শতাংশ ইয়াৰ পৰাই আহে। অৱশ্যে জলবায়ু পৰিৱৰ্তনক লৈয়ো কালিমুল্লাহে যথেষ্ট উদ্বেগ প্ৰকাশ কৰে। তেওঁ দাবী কৰে যে বছৰ বছৰ ধৰি জলবায়ু পৰিৱৰ্তনে আম উৎপাদনত যথেষ্ট প্ৰভাৱ পেলাইছে। তেওঁ লগতে দাবী কৰে যে আমৰ উৎপাদন হ্ৰাস পাইছে। উল্লেখ্য যে ভাৰত চৰকাৰে উদ্যান শস্যৰ ক্ষেত্ৰত দৃষ্টান্তমূলক অৱদানৰ বাবে ২০০৮ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা