ল’মা লিণ্ডা : আমেৰিকান অমৰাৱতী !

দীৰ্ঘায়ু সুস্বাস্থ্যৰ বাবে কি কৰে এডভেনটিষ্টসকলে

0 117

দাদুল দেৱকৃষ্ণ বৰুৱা

স্পেনিচ শব্দ Loma Lindaৰ অৰ্থ হৈছে ধুনীয়া পাহাৰ বা beautiful hill। কেনিফ’ৰ্নিয়াৰ San Bernardino উপত্যকাৰ মাজত অৱস্থিত এই পাহাৰী নগৰী সুস্বাস্থ্য আৰু সদিচ্ছাৰ নগৰী হিচাপে বিখ্যাত। ইয়াতেই আছে Loma Linda University and Medical Center। য’ত আছে ৯০০তকৈ অধিক স্বাস্থ্য বিশেষজ্ঞ। কিন্তু এই বিশ্ববিদ্যালয় তথা চিকিৎসা গৱেষণা কেন্দ্ৰৰ বাবে ল’মা লিণ্ডাই সুস্বাস্থ্য আৰু সদিচ্ছাৰ নগৰীৰ খিতাপ লাভ কৰা নাই। ২১,০০০ আবাসীৰ এই নগৰী পৃথিৱীৰ পাঁচটা নীল অঞ্চল বা ব্লু জ’নৰ অন্যতম হিচাপেহে খ্যাত। ল’মা লিণ্ডাৰ বাসিন্দাই সাধাৰণ আমেৰিকান নাগৰিকতকৈ দহ বছৰ অধিক আয়ুস লাভ কৰে। কিন্তু কেনেকৈ?

মার্কিন যুক্তৰাষ্ট্রৰ দক্ষিণ কেলিফ’র্নিয়া। ইয়াতেই অৱস্থিত ল’মা লিণ্ডা (Loma Linda)। লচ এঞ্জেলছৰ পৰা মাত্র ৯৬ কিলোমিটাৰ নিলগত। এই ঠাইৰ পৰিৱেশ আৰু জীৱনধাৰাই স্বাস্থ্য আৰু দীর্ঘায়ুৰ ক্ষেত্ৰত অৱদান যোগাই আহিছে। ল’মা লিণ্ডা অন্যান্য ব্লু জ’নৰ দৰে বিশ্বৰপৰা বিচ্ছিন্ন নিংসগ একোণত অৱস্থিত নহয়। তেন্তে ইয়াৰ অধিবাসীসকলৰ বিস্ময়কৰ দীর্ঘায়ুৰ ৰহস্য কি হ’ব পাৰে? জীৱন যাপন শৈলী, খাদ্যাভ্যাস নে ধৰ্ম?1651027996476

১৮৪০ চনতে ল’মা লিণ্ডাত প্ৰতিষ্ঠা হৈছিল The Seventh-day Adventist church নামৰ গিৰ্জাটো। এই গিৰ্জাটোক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠে খ্ৰীষ্টধৰ্মীসকলৰ এক সুকীয়া পন্থা এডভেনটিষ্ট (Adventist)। ল’মা লিণ্ডাত এইসকলৰে প্ৰাধান্য দেখা যায়। বৰ্তমান প্ৰায় ৯০০০ Adventists আছে আমেৰিকাৰ এই ঠাইখনত।

  •  Adventistৰ নীতি
    ল’মা লিণ্ডাত বসতি স্থাপন কৰা Adventistসকলে ধৰ্ম বিশ্বাসৰ লগতে এক সুস্থ জীৱনধাৰা প্রচাৰ কৰে। তেওঁলোকৰ বিশ্বাসত স্পষ্টভাৱে ধূমপান, অত্যধিক খাদ্য, এলকহল, কেফেইন আৰু অন্যান্য উদ্দীপকৰ লগতে পানীয়ক নাকচ কৰে। আনকি গাহৰিৰ মঙহ আৰু কিছুমান মছলাও এওঁলোকৰ বাবে অভক্ষৰ তালিকাত পৰে। এডভেন্টিচমেন্টৰ সকলোতকৈ উৎসাহী অনুগামীসকলে বিনোদনমূলক কর্মকাণ্ডত অংশগ্রহণ নকৰে, থিয়েটাৰ আৰু চিনেমালৈ নাযায় আৰু আধুনিক জনপ্রিয় সংস্কৃতিৰ কোনো প্রকাশকে স্বীকাৰ নকৰে।
  •  ঔষধ আৰু স্বাস্থ্য গৱেষণা
    এডভেণ্টিষ্ট সম্প্রদায়ৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত সাম্প্রতিক সৰঞ্জামবিশিষ্ট এটা চিকিৎসা কেন্দ্র আছে। শিশুসকলৰ ভৱনৰ ভিতৰত আছে বিশ্বৰ প্রথম বিকিৰণ থেৰাপি ইনষ্টলেচন। এই চিকিৎসা কেন্দ্ৰত সপ্তাহত পাঁচ দিনপর্যন্ত ১৬০ জন কেন্সাৰ ৰোগী চোৱা-চিতা কৰা আৰু নাছাৰ বাবে অর্থপূর্ণ গৱেষণা পৰিচালনা কৰা সম্ভৱ। ইয়াত শিশুৰ হার্ট ট্রান্সপ্লান্টেচনৰ উদ্ভাৱনী পদ্ধতি বিকশিত হৈছে। এয়া এডভেণ্টিষ্টসকলে জনসেৱাৰ বাবে ব্যৱহাৰ কৰে।

বৈজ্ঞানিক গৱেষণাত এক গুৰুত্বপূর্ণ বিষয় আৱিষ্কাৰ কৰা হৈছিল। প্রায় ৫০ শতাংশ এডভেন্টিষ্ট নিৰামিষভোজী বা কমকৈ মাংস ব্যৱহাৰ কৰা লোক। যিসকলে উদ্ভিদজাত খাদ্য অনুকৰণ নকৰে, তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনা অর্ধেক বাঢ়ি যায়। বিপৰীতে, যিসকলে উদ্ভিদজাত খাদ্য খোৱাটো পছন্দ কৰে, তেওঁলোকৰ ৩০-৪০ শতাংশ আন্ত্রিক কেন্সাৰত আক্রান্ত হোৱাৰ সম্ভাৱনা কমি যায়। কাৰণ মাংস সম্পূৰক ফেটেৰে পূর্ণ। ইয়াৰ ফলস্বৰূপে বেয়া কলেষ্টৰেলৰ মাত্রা বাঢ়ি যায়। অন্যান্য অনুৰূপ বিৱৰণে পৰোক্ষভাৱে এই তত্ত্ব নিশ্চিত কৰে।1651027996500

  •  শাৰীৰিক কার্যকলাপত গুৰুত্ব
    ল’মা লিণ্ডাৰ এডভেন্টিষ্টসকল বেছ সক্রিয়। তেওঁলোক ব্যায়ামত বিশ্বাসী। কিছুৱে দৌৰে। কিছুৱে বাগিচাৰ যতন লয় আৰু শাক-পাচলি উৎপাদন কৰে। এটা কথা লক্ষ কৰা উচিত যে, অনেক এডভেন্টিষ্টে বয়স্কসকলৰ মাজত কাম কৰাৰ উৎসাহ দেখা যায়। ৯৩ বছৰ বয়সীয়া হৃদপিণ্ড চার্জন এলচৱার্থ ওৱেৱাৰামে নিয়মিতভাৱে লচ এঞ্জেলছ হাস্পতালত অপেন-হার্ট চার্জাৰীৰ সহায়তা কৰে আৰু যদি প্রয়োজন হয় তেন্তে তেওঁ সমগ্র অপাৰেশ্যনটো পৰিচালনা কৰিব পাৰে। তেওঁ বিশ্বাস কৰে যে, সক্রিয় থকা খুবেই গুৰুত্বপূর্ণ। সেয়ে তেওঁ বাগানত কাম কৰে আৰু গাড়ী চলায়, চিত্তাকর্ষক দূৰত্ব অতিক্রম কৰে। The Adventist Health Survey (AHS)ৰ গৱেষণাত দেখা গৈছে যে, সুস্থ হৈ থাকিবলৈ মাৰাথন দৌৰ দিব নালাগে, এডভেণ্টিষ্টসকলৰ দৰে খোজ-কাটলেই যথেষ্ট।
  •  ছাব্বাত (Shabbat) অনুশীলন

    এডভেন্টিষ্টসকলে ছাব্বাত অনুশীলন কৰে। এয়া এক ধাৰ্মিক পৰম্পৰা। সপ্তাহৰ এটা দিন তেওঁলোকে এই অনুশীলন কৰে, যি শান্তি কঢ়িয়াই আনে। এক নিয়ম হিচাবে এই ২৪ ঘন্টা ধর্মৰ নামত পৰিয়ালৰ সতে তহলদাৰী কৰে। গৱেষণাৰ মতে পৰিয়াল, বন্ধু বা সম্প্রদায়ৰ লগত মানসিক সম্পর্ক বজাই ৰখাৰ বাবে যিসকল দৃঢ় মানসিক আৰু শাৰীৰিক স্বাস্থ্যবিশিষ্ট তেওঁলোকহে সমৰ্থ। সপ্তাহৰ সপ্তম দিনটোত এডভেন্টিষ্ট সম্প্রদায়ৰ মাজত ছাব্বাতক ‘সময়ৰ অভ্যাস’ বুলি মানি লোৱা হয়। বছৰত ৫২টা এনে দিন আছে, যি অনেক পৰিৱর্তন সাধিব পাৰে। শক্তি পুনৰুদ্ধাৰ আৰু শৰীৰৰ প্রতিৰক্ষামূলক ক্ষমতা বৃদ্ধি কৰিব পাৰে।

  •  স্বেচ্ছাসেৱক
    এডভেন্টিষ্ঠ দর্শনে দাতব্য প্রতিষ্ঠানক উৎসাহ যোগায়। ল’মা লিণ্ডাৰ এডভেন্টিষ্ট সম্প্রদায়ৰ অনেক সদস্য আনক সহায় কৰাত নিযুক্ত থাকে। সেই কাৰণে তেওঁলোকৰ মন মুকলি হৈ থাকে। তদুপৰি তেওঁলোক নিয়মিতভাৱে বন্ধু-বান্ধৱৰ লগত মিলিত হয়, যিসকলে তেওঁলোকক সমর্থন কৰে আৰু আবেগিক ‘ৰিচার্জ’ কৰে। আনৰ বাবে কাম কৰি পোৱা প্ৰশান্তিয়ে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পেলায়।
  •  খাদ্যাভ্যাস
    গৰিষ্ঠসংখ্যক Adventists নিৰামিষভোজী। শাক-পাচলি আৰু ফলমূল তেওঁলোকৰ প্ৰিয়। খোৱাপাতৰ কাষত কেতিয়াবা সামান্য পৰিমাণৰ মঙহ খায় কোনো কোনোৱে। তেওঁলোকে যিমান পাৰি সিমান পাতলীয়া আহাৰ গ্ৰহণ কৰে ৰাতিৰ ভাগত। বীন, মটৰমাহ, সতেজ শাক, বাদাম, মাহজাতীয় শস্য তেওঁলোকৰ দৈনন্দিন খাদ্য তালিকাৰ ভিতৰুৱা। সপ্তাহত কমেও পাঁচদিন তেওঁলোকে বাদাম খায়েই। চেনি আৰু নিমখৰ ব্যৱহাৰ তেনেই সামান্য।

পৰিমিত ভোজন, দৈনিক কচৰৎ, আনৰ বাবে উদাৰ চিত্তে কাম কৰা, ধৰ্মীয় আৰু আধ্যাত্মিক নীতি-নিয়ম পালন কৰা, নিজক কৰ্মব্যস্ত কৰি ৰখা, সমভাৱাপন্ন লগৰীয়াৰ সতে সময় কটোৱা আদি গুণৰাজিৰ বাবেই ল’লা লিণ্ডাৰ এডভেন্টিষ্ট সম্প্রদায়ৰ লোকসকলে লাভ কৰে দীৰ্ঘায়ু।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More