লাচিতৰ দৰে সন্তান আমাৰ অহৰহ প্ৰেৰণা : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

0 29

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ নৱেম্বৰ : ২৫ নৱেম্বৰ শুকুৰবাৰে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ দিনটোতে তেওঁ দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ বিষয়ে আয়োজিত প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়— “অসমৰ মহান ভূমিক প্ৰণাম জনাইছোঁ। এই মাটিয়ে ভাৰত মাতৃক লাচিতৰ দৰে বীৰ সন্তান দিছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱাটো মোৰ সৌভাগ্যৰ কথা। এই উপলক্ষে অসমবাসীৰ লগতে সকলো দেশবাসীলৈ মোৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।” প্ৰধানমন্ত্ৰীয়ে আৰু কয়— “আজি ভাৰতে নিজৰ সংস্কৃতিৰ ঐতিহাসিক বীৰ-বীৰাঙ্গনাসকলক সগৌৰৱেৰে স্মৰণ কৰিছে। লাচিতৰ দৰে অমৰ সন্তান আমাৰ অহৰহ প্ৰেৰণা। এই শুভ অনুষ্ঠানত লাচিতক প্ৰণাম জনাইছোঁ।” তেওঁ লগতে কয়— “যদি কোনোবাই তৰোৱালৰ বলত আমাৰ শিৰ নত কৰিব বিচাৰে, আমাৰ চিৰন্তন পৰিচয় সলনি কৰিব বিচাৰে, তেন্তে আমিও তেওঁৰ প্ৰতি সঁহাৰি জনাব জানো। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিসমূহ ইয়াৰ সাক্ষী হৈছে। বীৰ লাচিতে প্ৰদৰ্শন কৰা বীৰ আৰু সাহসেই আছিল মাতৃভূমিৰ প্ৰতি অপৰিসীম প্ৰেমৰ শিখৰ।” প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ ইতিহাস দমন কৰা হৈছিল। ভাৰতৰ ইতিহাস কেৱল দাসত্বৰ ইতিহাস নহয়। ভাৰতৰ ইতিহাস যোদ্ধাৰ ইতিহাস। অত্যাচাৰীৰ বিৰুদ্ধে অভূতপূৰ্ব সাহস আৰু বীৰত্ব প্ৰদৰ্শনৰ ইতিহাস আছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়— “দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ পিছতো আমাক সেই একেই ইতিহাস শিকোৱা হৈছিল, যি ইতিহাস দাসত্বৰ সময়ত সৃষ্টি হৈছিল। স্বাধীনতাৰ পিছত আমাক দাসত্বত ৰখা বিদেশীসকলে নিজৰ এজেণ্ডা সলনি কৰাৰ বাবে ৰচনা কৰা ইতিহাস সলনি কৰাৰ প্ৰয়োজন আছিল, কিন্তু সেয়া নহ’ল। দেশৰ চুকে-কোণে ভাৰত মাতাৰ সাহসী পুত্ৰ-কন্যাই কেনেকৈ উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিছিল। এই ইতিহাসক ইচ্ছাকৃতভাৱে দমন কৰা হৈছে।” অনুষ্ঠানত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মেক ইন ইণ্ডিয়া’ৰ জৰিয়তে দেশবাসীক আত্মনিৰ্ভৰশীলতাৰ মন্ত্ৰ দিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে, কিয়নো তেওঁ মোগলৰ সৈতে যুঁজিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ অসমৰ ৰাইজে নিৰ্মাণ কৰিছিল। তেওঁ কয় যে আত্মনিৰ্ভৰশীল ভাৰতৰ যাত্ৰা তেতিয়াই আৰম্ভ হৈছিল আৰু এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক আগুৱাই লৈ গৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়— “প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাৰ ইতিহাসৰ আগৰণুৱা বীৰসকলৰ ওপৰত পোহৰ পেলাবলৈ আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে। লাচিত বৰফুকনৰ কাহিনী জাতিৰ আগলৈ অনাৰ আমাৰ প্ৰচেষ্টা সেই প্ৰেৰণাৰেই অংশ।” কিন্তু কেৱল চৰকাৰৰ প্ৰচেষ্টাই যথেষ্ট নহয় বুলিও তেওঁ কয়। মানুহ আৰু ইতিহাসবিদসকলেও এই দিশত প্ৰয়াস কৰা উচিত। ইতিহাসবিদসকলক আহ্বান জনায় যে ভাৰতৰ ইতিহাস কেৱল ঔৰংজেব, বাবৰ, জাহাংগীৰ বা হুমায়ুনৰ কাহিনী নহয়। ভাৰতৰ ইতিহাস লাচিত বৰফুকন, ছত্ৰপতি শিৱাজী, গুৰু গোবিন্দ সিং, দুৰ্গাদাস ৰাথোৰৰো বীৰগাথাৰ ইতিহাস।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More