লায়ন্স ক্লাৱ লখিমপুৰ প্ৰেৰণাৰ ২০২২-২৩ চনৰ কাৰ্যকৰী সমিতি গঠন

0 33

উত্তৰ লখিমপুৰ, ৮ আগষ্ট: উত্তৰ লখিমপুৰ লীলাবাৰী মৈত্ৰী আশ্ৰমত ৭ আগষ্টত লায়ন্স ডাঃ উপেন্দ্ৰ নাথ দত্তৰ দ্বাৰা লায়ন্স ক্লাব লখিমপুৰৰ প্ৰেৰণাৰ ২০২২-২৩ চনৰ বাবে নৱনিৰ্বাচিত সমিতিৰ সদস্যসকলক শপত গ্ৰহণ কৰাই তেওঁলোকৰ কৰণীয় দায়িত্বসমূহ সুন্দৰকৈ বুজাই দিয়ে৷ প্ৰেৰণাৰ নৱনিৰ্বাচিত সভানেত্ৰী লায়ন জ্যোৎস্না বৰবৰুৱা, উপসভানেত্ৰী লায়ন মন্দিৰা হাজৰিকা, সম্পাদিকা লায়ন উৰ্মিলা দিনোডিয়া, কোষাধ্যক্ষা লায়ন সংগীতা পাটোৱাৰী আৰু বৰ্ড অৱ ডাইৰেক্টৰছ দায়িত্ব অৰ্পণ কৰা হয় লায়ন ডাঃ অৰ্পনা দত্ত, লায়ন জুবিন জেৰিণ আখতাৰ বৰুৱা, লায়ন জ্যেৎস্না মেদক, লায়ন ভাৰতী ফুকন, লায়ন তাছৱাৰ চুলতান তালুকদাৰক৷IMG 20220809 WA0009 ক্লাৱ প্ৰশাসনিক হিচাপে লায়ন মন্দিৰা শৰ্মা চলিহা, টেইল টেইমাৰ হিচাপে লায়ন সবিতা দত্ত, টেইল টুইষ্টাৰ হিচাপে লায়ন কমলা হৰলালকা, এল চি আই এফ ক’ৰ্ডিনেটৰ লায়ন সুৰুজ গিৰিয়া৷লায়ন্স ক্লাৱ লখিমপুৰ প্ৰেৰণাৰ ২০২২-২৩ চনৰ
কাৰ্যকৰী সমিতি গঠন মেম্বাৰশ্বিপ সমিতিৰ সভানেত্ৰী লায়ন ঝৰ্ণা ঙাটে, সদস্য হিচাপে লায়ন জেতুকী শইকীয়া, লায়ন পূৰ্ণিমা গগৈ, লায়ন নেহা আগৰৱালা, লায়ন ৰাণু দত্ত৷ চাৰ্ভিছ কমিটিৰ সভানেত্ৰী লায়ন ডাঃ অৰ্পনা দত্ত, সদস্য হিচাপে লায়ন পাপৰি শইকীয়া, লায়ন ডাঃ অমিয়া কছাৰী, লায়ন ডাঃ গীতালি কোঁৱৰ, লায়ন সবিতা দত্তক দায়িত্ব অৰ্পণ কৰা হয়৷ মাৰ্কেটিং কমিউনিকেছন চেয়াৰপাছন লায়ন ৰঞ্জু জৈন, ব্লাইণ্ড স্কুল প্ৰজেক্ট চেয়াৰপাৰ্চন লায়ন জ্যোৎস্না মেদক আদি লৈ এখন বলিষ্ঠ কমিটি গঠন কৰি নতুন বছৰত নতুন উদ্যেমেৰে কাম কৰিবলৈ দৃঢ় সংকল্প লয়৷ দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যক্ৰমৰ সংগতি ৰাখি লায়ন্স ক্লাৱ প্ৰেৰণাই কাচিপথাৰ উজ্জ্বলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত থকা ৰাইজৰ মাজত ত্ৰিৰংগা পতাকা বিতৰণ কৰা হয়৷ চম্পা পাটৰ, জয়ন্তীমা, ৰাণু দত্ত, অঞ্জলি দে, কুঞ্জ বৰা, অপৰাজিতা ভূঞা মানসী ভূঞাক একোখনি চেলেং চাদৰে আদৰণি জনোৱা হয়৷ ২০২১-২২ চনত লায়ন্স ক্লাৱ লখিমপুৰ প্ৰেৰণাই আন্তঃৰাষ্ট্ৰীয়, মাল্টিপ’ল ডিষ্ট্ৰিকত সাতটাকৈ পুৰস্কাৰ লাভ কৰে৷ সভানেত্ৰী জয়া গগৈ, সম্পাদিকা ঝৰ্ণা ঙাটে, কোষাধ্যক্ষা সংগীতা পাটোৱাৰী আৰু ক্লাৱৰ সমূহ উদ্যোগী মহিলাসকলক পুৰস্কৃত কৰাত সকলোৱে সন্তোষ প্ৰকাশ কৰে৷ সভাত জ্যেষ্ঠ নাগৰিক নৃপেন ফুকন,  ৰেখা ফুকন, ৰূপালী গোস্বামী, লায়ন্স ক্লাৱ লখিমপুৰৰ জ্যেষ্ঠ সদস্য লায়ন অভেদ্য বুঢ়াগোহাঁই, সভাপতি লায়ন মনোজ ভৰদ্বাজ, সম্পাদক গোপাল চৌধুৰী, কোষাধ্যক্ষ সুখবিন্দৰ সিংহ উপস্থিত আৰু জ’ন চেয়াৰপাৰ্চন লায়ন মুন ৰুদ্ৰপাল উপস্থিত থাকি সকলোকে উৎসাহিত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More