লিংগ সমতাৰ তালিকাত ১৩৫ নম্বৰ স্থানত ভাৰত

0 38
লিংগ সমতাৰ তালিকাত ১৩৫ নম্বৰ স্থানত ভাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুলাই : দেশত পুৰুষ-মহিলাৰ মাজত পাৰ্থক্য স্পষ্ট হৈ পৰিছে। লিংগ সমতাৰ ক্ষেত্ৰত মোদীৰ ভাৰত পিছৰ শাৰীত থাকিল। লিংগ সমতাৰ তালিকাত চলিত বৰ্ষত ভাৰতে ১৩৫ নম্বৰ স্থান দখল কৰিছে। কিন্তু অৰ্থনৈতিক ক্ষেত্ৰত ছোৱালীৰ অংশগ্ৰহণৰ হাৰ বৃদ্ধিৰ ফলত এই হ্ৰাস ৰোধ হৈছে। যোৱা বছৰতকৈ পাঁচটা স্থান ওপৰলৈ আহিছে। অৱশ্যে বাংলাদেশ আৰু শ্ৰীলংকাতকৈ ভাৰত পিছ পৰি আছে। ১৩ জুলাই বুধবাৰে বিশ্ব অৰ্থনৈতিক মঞ্চই বাৰ্ষিক লিংগ ব্যৱধান ২০২২ প্ৰকাশ কৰে। তালিকাৰ শীৰ্ষত আছে আইচলেণ্ড। ইয়াৰ পিছতে আছে ফিনলেণ্ড, নৰৱে, নিউজিলেণ্ড আৰু ছুইডেন। ১৪৭ খন দেশৰ তালিকাত মুঠ ১১খন দেশ ভাৰততকৈ পিছ পৰি আছে। ভাৰতৰ পিছতে থকা পাঁচখন দেশ হ’ল— আফগানিস্তান, পাকিস্তান, কংগো, ইৰাণ আৰু চাদ। আফগানিস্তানত তালিবান শাসনৰ লিংগ বৈষম্য নতুন কথা নহয়। নাৰীয়ে নিজৰ অধিকাৰ ঘূৰাই পাবলৈ অহৰহ যুঁজ দি আছে। পাকিস্তানৰ পৰিস্থিতিও একেধৰণৰ। আনহাতে আফ্ৰিকাৰ কংগো আৰু চাদৰ দৰে দেশসমূহ তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। অৱশ্যে ভাৰতক এই দেশবোৰৰ লগত কেতিয়াও তুলনা কৰিব নোৱাৰি। কিন্তু লিংগ সমতাৰ প্ৰশ্নত বেয়া ফল পোৱা এই দেশসমূহৰ সৈতে এতিয়া ভাৰতৰ নাম উচ্চাৰণ কৰা হৈছে। দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰতো ভাৰত বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভূটান আৰু মালদ্বীপতকৈ পিছ পৰি আছে। বিশেষজ্ঞসকলে কয় যে মহামাৰীয়ে সমগ্ৰ বিশ্বত লিংগ বৈষম্য বৃদ্ধি কৰিছে। ডব্লিউ ই এফৰ মতে, ভাৰতত লিংগ সমতাৰ একাধিক সমস্যাৰ মাজতো যোৱা ১৮ বছৰত সপ্তমবাৰৰ বাবে লিংগ বৈষম্য হ্ৰাস পাইছে। দেশৰ অৰ্থনীতিত পূৰ্বতকৈ মহিলাই অৰিহণা যোগাইছে যদিও ২০২১ চনৰ পৰা মহিলাতকৈ পুৰুষ শ্ৰমিকৰ সংখ্যা হ্ৰাস পাইছে বুলি ডব্লিউ ই এফে প্ৰকাশ কৰিছে। ৰাজনীতিত আৰু বহু মহিলাৰ অংশগ্ৰহণেৰে ভাৰতৰ স্থান শীৰ্ষত। আনহাতে, প্রাথমিক শিক্ষাত ভাৰতে ভাল ফলাফল দেখুৱাইছে। অৱশ্যে সামগ্ৰিকভাৱে ভাৰতৰ স্থান ১৩৫ নম্বৰত। ইয়াৰ এটা কাৰণ হ’ল লিংগ বৈষম্যৰ সমস্যা। পুত্ৰৰ কামনাত স্ত্ৰী ভ্ৰুণহত্যাৰ দৰে ঘটনা সাধাৰণ হৈ আছে। লিংগ সমতাৰ সমস্যাৰ উপৰি অৰ্থনৈতিক অংশগ্ৰহণ আৰু মহিলাসকলৰ বাবে পৰ্যাপ্ত সুযোগৰ অভাৱকো এই হ্ৰাসৰ বাবে দোষাৰোপ কৰা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More