লিচবনত আৰম্ভ ৰাষ্ট্রসংঘৰ মহাসাগৰ সন্মিলন

বিশ্ব উষ্ণায়নৰ প্ৰভাৱ সামুদ্রিক পৰিস্থিতি তন্ত্রত

0 58

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুন : বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ প্রভাৱ মানৱ জীৱনত পৰিবলৈ আৰম্ভ কৰিছে। একাধিক হিমবাহ গলিবলৈ ধৰিছে। বিশ্ব উষ্ণায়নৰ প্ৰভাৱ সমুদ্রৰ তলৰ পৰিস্থিতিতন্ত্ৰতো পৰিবলৈ আৰম্ভ কৰিছে। বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ হাতৰ পৰা সামুদ্রিক জীৱ জগতক ৰক্ষা কৰিবলৈ পর্তুগালৰ ৰাজধানী লিচবনত এখন সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্রসংঘৰ নেতৃত্বত ‘অচেন কনফাৰেন্স বা মহাসমুদ্র সন্মিলন আজি সোমবাৰ ২৭ জুনৰ পৰা আৰম্ভ হৈছে। ১ জুলাই পর্যন্ত এই সন্মিলন চলিব।

* মহাসাগৰ সন্মিলনৰ কাৰণ
ৰাষ্ট্রসংঘৰ তৰফৰ পৰা এক বিবৃতিত জনোৱা হৈছে যে, মানুহৰ বাবে সামুদ্রিক জীৱন নজিৰবিহীন সংকটৰ মুখত পৰিছে। মানুহৰ একাধিক কার্যকলাপৰ বাবে সমুদ্রৰ তলৰ পৰিস্থিতিতন্ত্র ক্ষতিগ্রস্থ হৈছে। সামুদ্রিক প্রাণীৰ ওপৰত প্রভাৱ পৰিছে। পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ যোৱাৰ আগেয়ে সমুদ্রৰ তলৰ পৰিস্থিতিতন্ত্র ৰক্ষা কৰিবলৈ কার্যকৰী সিদ্ধান্ত লোৱা প্রয়োজন। কেনিয়া আৰু পর্তুগাল চৰকাৰে মহাসাগৰ সন্মিলনৰ আয়োজন কৰিছে। এই সঙ্কটৰ পৰা ৰক্ষা পোৱা সম্পৰ্কত মহাসগৰ সন্মিলনত আলোচনা হ’ব। ক’ৰনা মহামাৰীৰ সময়ৰ পৰা এই সঙ্কট প্রকট হ’বলৈ আৰম্ভ কৰিছে। ৰাষ্ট্রসংঘৰ নেতৃত্বত লিচবনত পাঁচদিনীয়া মহাসাগৰ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত ১২০খনৰো বেছি দেশে যোগ দিছে। সমুদ্রৰ প্ৰদূষণ নিয়ন্ত্রণ কৰিবলৈ আন্তর্জাতিক মহলে এতিয়ালৈকে কোনো কার্যকৰী আইন আনিব পৰা নাই। যিটো উদ্বেগৰ প্রধান কাৰণ হৈ দেখা দিছে। ৰাষ্ট্রসংঘই জনাইছে যে, বিশ্ব উষ্ণায়ন, প্ৰদূষণ, এচিডিফিকেচনসহ একাধিক কাৰণত মহাসাগৰৰ ব্যাপক ক্ষতি হৈছে। তাৰ প্রভাৱ সামুদ্রিক প্রাণীৰ ওপৰত পৰিছে। গভীৰ সমুদ্রৰ পৰা খনিজ পদার্থ উত্তোলনৰ সুস্পষ্ট কোনো নিয়ম নাই। যাৰ ফলত মহাসগৰ ক্ষতিগ্রস্ত হৈছে।

* কিদৰে ক্ষতিগ্রস্ত হৈছে সমুদ্র
পৃথিৱীৰ মুঠ অংশৰ ৭০ শতাংশ পানী। সেই জলভাগত একাধিক পৰিস্থিতিতন্ত্র আছে। বিশ্বৰ সমস্ত প্রাণৰ ৮০ শতাংশৰ বাস সমুদ্রতলত। তাৰ পৰা আমাৰ প্রয়োজনৰ ৫০ শতাংশ অক্সিজেন উৎপন্ন হয়। বতাহৰ পৰা মুঠ কার্বন ডাই অক্সাইডৰ ২৫ শতাংশ শোষণ কৰে। উৎপন্ন অতিৰিক্ত তাপমাত্রা ৯০ শতাংশ সমুদ্রই গ্রহণ কৰে। মানুহৰ জীৱনত সমুদ্রৰ প্রভাৱ অনেক। কিন্তু অৱহেলাৰ ফলত সমুদ্রতলৰ জীৱন নষ্ট হ’বলৈ ধৰিছে। যাৰ প্রভাৱ মানুহৰ ওপৰত পৰিব পাৰে বুলি ৰাষ্ট্রসংঘই আশঙ্কা কৰিছে। সমুদ্রতলৰ জীৱ জগতক ৰক্ষা কৰা অত্যন্ত প্রয়োজনীয় হৈ পৰিছে।

* মহাসগৰ সন্মিলনত ভাৰতৰ ভূমিকা
মহাসাগৰ সন্মিলনৰ মাধ্যমেৰে ৰাষ্ট্রসংঘই এখন চুক্তি কৰিব বিচাৰিছে। সন্মিলনত অংশগ্রহণকাৰী দেশবোৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য নহয়। এই চু্ক্তিৰ মাধ্যমেৰে সমুদ্র আৰু সমুদ্ৰৰ সম্পদৰ সুৰক্ষা আৰু সংৰক্ষণৰ অঙ্গীকাৰ লোৱা হ’ব। ভাৰতীয় মন্ত্রী ডা° জিতেন্দ্র সিঙে পাঁচদিনীয়া এই বৈঠকত অংশগ্রহণ কৰিছে। তেওঁ ভাৰতৰ তৰফৰ পৰা এই সন্মিলনত বক্তব্য ৰাখিব বুলি জনা গৈছে। তেওঁ জনাইছে যে, পৰিৱেশ বান্ধৱ সমাধানৰ লক্ষ্যৰে ভাৰতে এই সন্মিলনত অংশ লৈছে। সমুদ্র আৰু সামুদ্রিক সম্পদ ৰক্ষা কৰিবলৈ ভাৰত দৃঢ় প্রতিজ্ঞ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More