লিথিয়াম-আয়ন বেটেৰীৰ বিকল্প ‘জিঙ্ক-এয়াৰ’ নামৰ বেটেৰী উদ্ভাৱন ভাৰতত

বৈদ্যুতিক বাহনত চীনা বেটেৰীৰ আধিপত্য কমাৰ সম্ভাৱনা

0 14

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মাদ্ৰাজৰ এদল গৱেষকে অলপতে উদ্ভাৱন কৰি উলিয়াইছে বৈদ্যুতিক বাহনত ব্যৱহাৰ কৰিব পৰা আন একপ্ৰকাৰ নতুন বেটেৰী। যান্ত্ৰিক ভাবে ৰিচাৰ্জ কৰিব পৰা ‘জিঙ্ক-এয়াৰ’ নামৰ এই বেটেৰী বৰ্তমান বৈদ্যুতিক বাহনত ব্যৱহাৰ হোৱা ‘লিথিয়াম-আয়ন’ বেটেৰীৰ বিকল্প হ’ব পাৰে। প্ৰতিষ্ঠানটোৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক অৰবিন্দ কুমাৰ চন্দিৰানৰ নেতৃত্বত এদল গৱেষকে উদ্ভাৱন কৰা ‘জিঙ্ক-এয়াৰ’ নামৰ এই বেটেৰীৰ মূল্য লিথিয়াম-আয়ন বেটেৰীতকৈ কম হোৱাৰ উপৰি ই অধিক দিনৰ বাবে কাৰ্যকৰী হৈ থাকে। বৰ্তমান ভাৰতত দুই আৰু তিনিচকীয়া বৈদ্যুতিক বাহন সমূহত ব্যৱহাৰ কৰা লিথিয়াম-আয়ন বেটেৰীৰ বেছিভাগেই চীনৰ পৰা আমদানি কৰা হয়। তদুপৰি এই বেটেৰীৰ যোগান নিয়মীয়া নহয়। যিহেতু ভাৰতবৰ্ষত লিথিয়ামৰ তুলনাত জিঙ্ক বা দস্তা সহজলভ্য সেয়ে ইয়াক বেটেৰী নিৰ্মাণত ব্যৱহাৰ কৰিলে এহাতেদি আমদানি ব্যয় হ্ৰাস হ’ব আৰু আনহাতে এই বেটেৰী দেশতেই সহজলভ্য হ’ব। মূল্যৰ ক্ষেত্ৰতো এক কিল’ৱাট আৱাৰ লিথিয়াম-আয়ন বেটেৰীৰ ২০০ ৰ পৰা ২৫০ ডলাৰৰ বিপৰীতে এক কিল’ৱাট আৱাৰ জিঙ্ক-এয়াৰ বেটেৰীৰ মূল্য ১৫০ ডলাৰ মানহে হ’ব বুলি উদ্ভাৱকসকলে দাবী কৰিছে। উৎপাদনৰ পৰিমাণ অধিক হ’লে ইয়াৰ মূল্য ১০০ ডলাৰ মানলৈকে হ্ৰাস হোৱাৰো সম্ভাৱনা আছে। ইতিমধ্যে জিঙ্ক-এয়াৰ বেটেৰীৰ পেটেণ্টৰ বাবে আবেদন কৰা হৈছে। উল্লেখযোগ্য যে, ইন্ধনৰ বাবে যেনেদৰে পেট্ৰল পাম্প সমূহ স্থাপন কৰা হৈছে তেনেদৰে ৰাজপথৰ কাষত জিঙ্ক-এয়াৰ বেটেৰীৰ ৰিচাৰ্জ ষ্টেচন মুকলি কৰি জিঙ্ক কেছেট ব্যৱস্থাৰে বৈদ্যুতিক বাহনসমূহ পুনৰ ৰিচাৰ্জ কৰি ল’ব পৰা যাব। বৈদ্যুতিক বাহনৰ পৰম্পৰাগত লিথিয়াম-আয়ন বেটেৰীৰ বিকল্প হিচাপে উদ্ভাৱন কৰা এই সুলভ ব্যৱস্থা বাণিজ্যিক ভাবে সফল হ’লে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ অভিযানত ই আৰু এখোজ আগুৱাই নিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More