“লুলুম” জলপ্ৰপাত চাবলৈ শ শ লোকৰ স্ৰোত 

0 85

জামুগুৰিহাট : ৮ জুলাইঃ অৰুণাচল প্ৰদেশৰ ‘লুলুম’ জলপ্ৰপাতত এতিয়া দৈনিক সমাগত ঘটিছে শ শ লোকৰ। কামেং নদীৰ পাৰত অৱস্থিত এই জলপ্ৰপাতৰ সৌন্দৰ্য্য উপভোগ কৰিছে সকলোৱে । গৰমৰ বন্ধত পৰিয়াল স্বজনৰ লগত কামেং নদীৰ পাৰত অৱস্থিত জলপ্ৰপাত চাবলৈ ঢাপলি মেলিছে সকলো ।ভালুকপুংঙৰ পৰা বিশ কিলোমিটাৰ দুৰত্বত অৱস্থিত ‘লুলুম’ জলপ্ৰপাত সকলোৰে বাবে এতিয়া আকৰ্ষণৰ কেন্দ্ৰ বিন্দু । অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাত অৱস্থিত লুলুম জলপ্ৰপাতলৈ বালিপৰা হৈ চাৰিদুৱাৰৰ মাজেদি আহোতে আপোনাক নামেৰীৰ সৌন্দৰ্য্যও হাতবাউলী মাতিব । গৰমৰ সময়ছোৱাত ‘লুলুম’ জলপ্ৰপাতলৈ শ – শ লোকৰ আগমন ঘটিছে ।উল্লেখ্য যে ‘লুলুম’ জলপ্ৰপাতৰ সৌন্দৰ্য্যই অৰুণাচলক অনান্য মাত্ৰা প্ৰদান কৰি আহিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More