লেখক-বেংক বিষয়া বিপিন শইকীয়াৰ দেহাৱসান

0 35

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ নগৰৰ চি ডি ৰোড নিবাসী, অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত বেংক বিষয়া, সাংবাদিক, নিবন্ধকাৰ, গীতিকাৰ, জিকিৰ গায়ক, স্তম্ভ লেখক, সুবক্তা তথা জ্যেষ্ঠ নাগৰিক বিপিন শইকীয়াৰ আজি মৃত্যু ঘটে ৷ শইকীয়া বিগত কিছুদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ শেহতীয়াকৈ তেওঁক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়া হৈছিল যদিও কোনো সুফল নাপালে৷ তেওঁৰ মৃত্যুত লখিমপুৰবাসীয়ে এগৰাকী ভাল সমাজসেৱক, নিবন্ধকাৰ, গীতিকাৰ, জিকিৰ গায়ক আৰু এগৰাকী সুবক্তা হেৰুৱালে৷ সৰুৰে পৰাই লিখা-মেলাত ৰাগ থকা বিপিন শইকীয়াই লখিমপুৰৰ পৰা প্ৰকাশিত প্ৰথমখন সাপ্তাহিক বাতৰি কাকত ‘ন-লখিমী’ত ১৯৭৪ চনত সহকাৰী সম্পাদক হিচাপে যোগদান কৰি সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে৷ ১৯৭৬ চনত ন-লখিমীৰ পৰা পদত্যাগ কৰি নামৰূপত শিক্ষকতা কৰি অৱশেষত বেংকৰ চাকৰিত যোগদান কৰে৷ এটা সময়ত মনোৰম গগৈ সম্পাদিত ‘অসমীয়া প্ৰতিদিন’ৰ দেওবৰীয়া আলোচনী ‘সম্ভাৰত তেওঁ লিখা অৰ্থনৈতিক বিষয়ৰ প্ৰবন্ধৰাজিয়ে ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল৷ সমসাময়িকভাৱে ‘আজিৰ অসম’, ‘সৰু সৰু মানুহৰ অসাধাৰণ কথা’, ‘অগ্ৰদূত’ত ‘বুবু বা বা’ আৰু ‘দৈনিক বাতৰি’ত ‘সাধাৰণ মানুহৰ অসাধাৰণ কথা’ শীৰ্ষক লিখনিসমূহে ৰাইজক বৰকৈ আকৰ্ষিত কৰিছিল৷ দেশ-বিদেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি তেওঁ প্ৰচুৰ অভিজ্ঞতা সঞ্চয় কৰি তেওঁ সেইবোৰ লিখনিৰ জৰিয়তে ৰাইজৰ মাজত বিলাই দিবলৈও সক্ষম হৈছিল৷ ‘ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ’ৰ তেওঁ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ হোৱাৰ উপৰিও তেওঁ সুন্দৰভাৱে জিকিৰো গাব পাৰিছিল৷ ১৯৮১ চনত তেওঁ গোৱা জিকিৰ আৰু বিহুগীত আকাশবাণী জম্মু আৰু কাশ্মীৰে’ ৰেকৰ্ড কৰি দুবাৰকৈ সম্প্ৰচাৰো কৰিছিল৷ জীৱনৰ শেষ কালচোৱাত তেওঁ সমাজৰ বিভিন্ন কাম কৰাৰ লগতে ‘লখিমপুৰ নাগৰিক মঞ্চ’ৰ সম্পাদক হিচাপে থাকি ৰাইজৰ সেৱা কৰি যোৱাৰ লগতে বয়োজ্যেষ্ঠসকলৰ কল্যাণৰ হকে গঠিত ‘বিয়লি’ অনুষ্ঠানটোৰ হৈয়ো কাম কৰি যায়৷ ৬৭ বছৰ বয়সত মৃত্যুবৰণ কৰা বিপিন শইকীয়াই পত্নী, এটি পুত্ৰ আৰু এগৰাকী কন্যাসহ বোৱাৰী আৰু নাতিনীক ইহ সংসাৰত এৰি থৈ যায়৷ আনহাতে তেওঁ ৮খন প্ৰকাশিত গ্ৰন্থ আৰু ৪খন অপ্ৰকাশিত গ্ৰন্থ ৰচনা কৰি থৈ যায়৷ শইকীয়াৰ মৃত্যুত অসম গ্ৰামীণ বেংকৰ সমূহ কৰ্মচাৰীবৃন্দ, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব, লখিমপুৰ নাগৰিক মঞ্চ, বিয়লি আদিৰ লগতে প্ৰবীণ সাংবাদিক চন্দ্ৰেশ্বৰ দুৱৰা, আবু চঈদ খান, হাৰনুল ৰছিদ, তন্ময় শইকীয়া, মুহিবুল হুছেইন, দীনাৰাম বৰা, প্ৰবীণ ভূঞা, উমা শংকৰ শইকীয়া, কৃষ্ণ প্ৰসাদ বৰা, নুৰুল হক আদিৰ লগতে বিশিষ্ট নাগৰিক বিৰিঞ্চ কুমাৰ হাজৰিকা, ডাঃ দয়া দত্ত, সুৰেশ গগৈ, লক্ষ্মী নেওগ আদিয়ে গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More