শত্ৰুৰ আক্ৰমণ ৰোধিবলৈ কৃত্ৰিম বুদ্ধিমত্তা

প্ৰতিৰক্ষাত নতুন দিশ ঘোষণা ৰাজনাথ সিঙৰ

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুলাই : কেইবাবছৰ পূৰ্বে আৰম্ভ হৈছিল এই আলোচনা। শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধই নিজৰ মূল্য প্ৰমাণ কৰিছে যে, পাৰমাণৱিক যুদ্ধতকৈ অনাগত দিনত চাইবাৰ যুদ্ধ অধিক ফলপ্ৰসূ হ’বলৈ গৈ আছে। শত্ৰুৰ চাইবাৰ আক্ৰমণ বন্ধ নকৰিলে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা কিছু মুহূৰ্তৰ ভিতৰতে ভাঙি পৰিব পাৰে। সেই চাইবাৰ আক্ৰমণ বন্ধ কৰিবলৈ ক্ষেপণাস্ত্ৰ নহয়, এটাই আহিলা আছে— কৃত্ৰিম বুদ্ধিমত্তা। ৯ জুলাই শনিবাৰে দিল্লীৰ বিজ্ঞান ভৱনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ সেনাবাহিনীত কৃত্ৰিম চোৰাংচোৱাৰ ব্যৱহাৰৰ ‘দিশ’ প্ৰদৰ্শন কৰে। তেওঁ প্ৰতিৰক্ষা ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত এখন প্ৰদৰ্শনী উদ্বোধন কৰে। দেশত এনেধৰণৰ এয়া প্ৰথমটো কাৰ্যসূচী। প্ৰতিৰক্ষা সচিব অজয় ​​কুমাৰে কয়— “সামৰিক বাহিনীত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ওপৰত এই প্ৰদৰ্শনী ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ।” তেওঁ কয় যে, বিজ্ঞান ভৱনত অনুষ্ঠিত এই কাৰ্যসূচীত ৰবট, চোৱাচিতা ব্যৱস্থা আৰু চাইবাৰ আক্ৰমণ প্ৰতিৰোধ ব্যৱস্থাকে ধৰি মুঠ ৬৫টা থলুৱা প্ৰযুক্তিৰ পৰা তৈয়াৰী কৃত্ৰিম বুদ্ধিমত্তাৰ সামৰিক সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More