শদিয়াৰ অমৰপুৰত দিবাঙত ডুব গল যাত্ৰীবাহী নাওঃ যাত্ৰী উদ্ধাৰ, একাধিক বাহনৰ সন্ধান নাই 

0 22

শতাব্দৰ শদিয়াৰ প্ৰতিবেদক, ৩ মে’ঃ শদিয়াৰ অমৰপুৰত খৰস্ৰোতা দিবাং নৈত যাত্ৰী কঢ়িওৱা এখন যন্ত্ৰচালিত নাও ডুব যায় ৷ আজি বিয়লি প্ৰায় ৪-৩০ বজাত দিবাং নদীৰ বুকুত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ নাওখনত নাৱৰীয়াসহ মুঠ ২৬ জন যাত্ৰী আছিল আৰু আটাইকেইগৰাকী যাত্ৰীক স্হানীয় লোকৰ তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কিন্তু তিনিখন চাৰিচকীয়া বাহন আৰু দুখন দুচকীয়া বাহন নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ প্ৰাপ্ত খবৰ অনুসৰি, বিগত দিনকেইটাত হৈ থকা বৰষুণৰ বাবে পাহাৰীয়া দিবাং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে৷ দিবাঙৰ বাঢ়নী পানীত উটি অহা এডোখৰ প্ৰকাণ্ড গছৰ কুণ্ডাত খুণ্ডা মৰাৰ ফলত নাওখন ফুটি নদীৰ বুকুত ডুব যায় ৷ আজি দুৰ্ঘটনাত পতিত হোৱা নাওখনত অধিকাংশ লোকেই চাপাখোৱাৰ পৰা বিভিন্ন চৰকাৰী কাম-কাজ সামৰি দোকান-পোহাৰ কৰি ঘৰমুৱা হৈছিল বুলি জানিব পৰা গৈছে ৷ দুৰ্গম তথা জৰাজীৰ্ণ পথৰ বাবে ঘটনাস্থলীত শদিয়া মহকুমা প্ৰশাসনৰ দণ্ডাধীশ, আৰক্ষী-প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া আৰু এছ ডি আৰ এফ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত কিছু পলম হয় আৰু সেই পৰ্যন্ত স্হানীয় লোকসকলৰ প্ৰচেষ্টাত দুৰ্ঘটনাত পতিত লোকসকল সৌভাগ্যক্ৰমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে শদিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া তথা এশ-এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত অমৰপুৰৰ প্ৰায় বাৰ সহস্ৰাধিক লোকৰ শদিয়া মহকুমাৰ সদৰ চাপাখোৱাৰ লগতে অন্য ঠাইলৈ অহা-যোৱা কৰাৰ একমাত্ৰ পথছোৱা আজিলৈকে যাতায়াতৰ সুচল ব্যৱস্থা নহ’ল ৷ দিবাঙৰ বুকুত চলাচল কৰা নাওবোৰত যাত্ৰীসকলৰ তৎকালীন সুৰক্ষাৰ বাবে যাৱতীয় কোনোধৰণৰ ব্যৱস্থা নাৱৰ মালিক, লেচী, ঘাটৰ মহলদাৰ নতুবা আভ্যন্তৰীণ জল পৰিৱহণ বিভাগে গ্ৰহণ কৰা পৰিলক্ষিত নহল ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More