শিক্ষকতা জীৱনৰ অন্তিম দিনটোতে পেন্সনৰ নথি পত্ৰ প্ৰদান তেজপুৰৰ জনপ্ৰিয় শিক্ষক, দক্ষ অভিনেতা ভূপেন শৰ্মাক

গীত-নৃত্যৰ মনোৰম অনুষ্ঠানেৰে বিদ্যালয় কৰ্তৃপক্ষৰ বিদায় সম্ভাষণ

0 60

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী জনপ্ৰিয় ব্যক্তি, দক্ষ অভিনেতা, নাট্যকাৰ – পৰিচালক, চলচ্চিত্ৰ অভিনেতা, তেজপুৰৰ বাণ থিয়েটাৰ, অসমীয়া ক্লাব, তেজপুৰ সাহিত্য সভাকে ধৰি বহু সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওত:প্ৰোতভাৱে জড়িত তথা তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ভূপেন শৰ্মাই আজি শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ দিনটোতে শোণিতপুৰ জিলা শিক্ষা বিভাগে পেন্সনৰ যাৱতীয় সকলো নথি পত্ৰ প্ৰদান কৰাৰ পিছত বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় এক বিশেষ বিদায় সম্ভাষণ অনুষ্ঠানৰ ।উল্লেখ্য যে, ১৯৮৮ চনৰ ৫ জানুৱাৰীত বিদ্যালয়খনত সহকাৰী শিক্ষক হিচাপে যোগদান কৰা তেজপুৰৰ অভিনেতা গৰাকীৰ শিক্ষকতা জীৱনৰ আজি অন্তিম দিনটোত শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাসে কাৰ্যালয় সহায়ক ডিক্ৰম কুমাৰ বৰাৰ জড়িয়তে পেন্সনৰ সকলো যাৱতীয় নথি পত্ৰ আনুষ্ঠানিক ভাৱে প্ৰদান কৰাৰ পিছত বিদ্যালয় কৰ্তৃপক্ষই এক বিশেষ অনুষ্ঠানৰে বিদায় সম্ভাষণ জনায়। বিদ্যালয়খনৰ সভাকক্ষত আয়োজিত এই অনুষ্ঠানত এখন সম্বৰ্ধনা পত্ৰৰে সকলো সহকৰ্মীয়ে ভূপেন শৰ্মাক বিদায় সম্ভাষণ জনোৱাৰ আৰম্ভণিতে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী সকলে পৰিবেশন কৰে সমবেত গীত।
বিদ্যালয়খনৰ সহকাৰী শিক্ষক মৃদুল কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি দণ্ডিৰাম স্বৰ্গীয়াৰীয়ে ভাষণ প্ৰদান কৰি শিক্ষকতা জীৱনত ভূপেন শৰ্মাই এগৰাকী নিষ্ঠাবান শিক্ষক হিচাপে সকলো শিক্ষাৰ্থীৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰি তেজপুৰৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজতেই শৰ্মা জনপ্ৰিয় বুলি মন্তব্য কৰি আগন্তুক অৱসৰকালীন সময়ৰ শুভ কামনা জনায়।ছাত্ৰী অবন্তিকা নাথৰ নৃত্য, কৰ্মচাৰী নৰেণ কেওঁটৰ বিশেষ সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰী উৰ্মিলা দাঙৰ গীত, টিনা চাহুৰ নৃত্য, দেৱাস্মিতা দাস আৰু সংগী বৃন্দৰ ঢোল বাদন, শিক্ষক – শিক্ষয়িত্ৰী সকলৰ ভাষণ আদিৰে মুখৰিত হোৱা অনুষ্ঠানটিৰ মাজতেই বিদায়ী শিক্ষক ভূপেন শৰ্মাই নিজৰ অনুভৱ সদৰী কৰি প্ৰত্যেকেই নিজৰ কৰ্ম ক্ষেত্ৰখনক আপোন ঘৰ বুলি ভাৱিব লাগে বুলি কৈ তেওঁ নিজে শিক্ষকতা জীৱনৰ সময়ছোৱাত বিদ্যালয়খনক আপোন ঘৰ হিচাপে গণ্য কৰিছিল বুলি মন্তব্য কৰি আগন্তুক অৱসৰকালীন সময়ছোৱাত ৰাইজৰ কাম কৰি যোৱাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More