শিক্ষাবিদ ড° প্ৰণীল গোস্বামীৰ আকস্মিক বিয়োগ

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮মাৰ্চঃ প্ৰচুৰ মেধাসম্পন্ন তথা ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, তেজপুৰ কমাৰচুবুৰী নিবাসী ড° প্ৰণীল গোস্বামীৰ আজি আকস্মিক ভাবে বিয়োগ ঘটিছে৷ উল্লেখযোগ্য যে,৭২বছৰীয়া শিক্ষাবিদ গৰাকী সপৰিয়ালে মুম্বাইত থকা কন্যাৰ ঘৰলৈ গৈছিল আৰু আজি দিনত লুনাৱলাৰ এটা ৰিজ’ৰ্টত থকাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ দুপৰীয়া প্ৰায় ২-১০বজাত তেওঁৰ বিয়োগ ঘটে৷ তেওঁক ততাতৈয়াকৈ সমীপৰ এখন চিকিৎসালয়লৈ নিয়া হৈছিল য’দিও চিকিৎসকে ড° গোস্বামীৰ ইতিমধ্যে বিয়োগ ঘটা বুলি নিশ্চিত কৰে৷শৈশৱৰ পৰাই মেধাৰ পৰিচয় দিয়া ড° গোস্বামীয়ে কলিবাৰী প্ৰাথমিক বিদ্যালয় আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা সমাপন কৰাৰ পাছত দৰং মহাবিদ্যালয়ত জীৱবিজ্ঞান বিষয়ত অধ্যয়ন কৰে৷ সুখ্যাতিৰে বি এছ চি উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক সহ এম এছ চি পাঠ্যক্ৰম সম্পন্ন কৰি দৰং মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মময় জীৱনৰ পাতনি মেলে৷উল্লেখযোগ্য যে,অধ্যয়ন পিপাসু গোস্বামীয়ে পি এইচ ডি সম্পূৰ্ণ কৰাৰ লগতে আইনৰ পাঠ্যক্ৰমতো নামভৰ্তি কৰে আৰু আইনৰ পাঠ্যক্ৰমো ঈৰ্ষণীয় সফলতাৰে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয়৷এগৰাকী সফল আৰু সকলোৰে সন্মানীয় অধ্যাপক হিছাপে দৰং মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ড° গোস্বামী কলিবাৰীৰ দুৰ্গা পূজাৰ লগতে কমাৰ চুবুৰীৰ পূজা তথা ৰঙালী বিহুৰ স’তেও জড়িত আছিল৷একেদৰে তেজপুৰৰ নেহৰু ময়দানৰ ৰঙালী বিহু উদযাপনৰ স’তেও জড়িত থকা ড° গোস্বামী তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাৱ আৰু তৰুণ অসম সংঘৰেও জড়িত হৈ আছিল৷ড° গোস্বামীৰ বিয়োগৰ বিষয়ে জানিব পাৰি তেজপুৰত শোকৰ ছাঁ পৰিছে৷প্ৰয়াত ড° গোস্বামীয়ে বিয়োগৰ সময়ত পৰিৱাৰ আৰু দুই কন্যাৰ লগতে আত্মীয় তথা বহুসংখ্যক গুণমুগ্ধক এৰি যায়৷ইপিনে,প্ৰয়াত ড° গোস্বামীৰ ভ্ৰাতৃ তথা জ্যেষ্ঠ অধিৱক্তা মাধুৰ্য গোস্বামীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰয়াত শিক্ষাবিদ গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া মুম্বাইতে সম্পন্ন কৰা হ’ব৷শিক্ষাবিদ গৰাকীৰ আকস্মিক বিয়োগত তেজপুৰৰ বিভিন্ন অনুষ্ঠান আৰু বহুসংখ্যক লোকে গভীৰ শোক প্ৰকাশ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More