শিক্ষাবিদ-বিশিষ্ট সাহিত্যিক দণ্ডেশ্বৰ শইকীয়াৰ দেহাৱসান

 ‘অসমত চাহ খেতিৰ ইতিবৃত্ত’ শীৰ্ষক গ্ৰন্থৰ প্ৰণেতাগৰাকীৰ মৃত্যুত চাহ জনগোষ্ঠীয় লেখক-সাহিত্যিকৰ শোক

0 20
 শতাব্দ প্ৰতিনিধি  তেজপুৰ, ২৮ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত সঞ্চালক, বিশিষ্ট লেখক, প্ৰকাশক তথা অসমৰ চাহ খেতিৰ ইতিবৃত্তকে ধৰি বাগিছা বিষয়ত বহু উল্লেখযোগ্য গ্ৰন্থৰ প্ৰণেতা দণ্ডেশ্বৰ শইকীয়াৰ আজি বিয়লি ৪.৩০ বজাত তেজপুৰ নেমকেয়াৰ হাস্পতালত দেহাৱসান ঘটাত তেজপুৰত শোকৰ ছাঁ পৰে । উল্লেখ্য যে, যোৰহাট জিলাৰ ঢেকিয়াজুলি বাগিছাৰ সমীপৰ কৰঙা গাঁৱত ১৯২৮ চনত জন্মগ্ৰহণ কৰা শইকীয়া শিশু অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দি কৰ্মসূত্ৰে প্ৰথমে তিনিচুকীয়া কাৰ্যালয়ত যোগদান কৰা পৰৱৰ্তী সময়ত ১৯৯০ চনৰ পৰা তেজপুৰৰ ঊষা নগৰত স্থায়ীভাৱে থাকিবলৈ লৈছিল । এই সময়ছোৱাতেই এগৰাকী নিয়মীয়া লেখক হিচাপে পৰিচিত হোৱাই নহয় বিভিন্ন সামাজিক -সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে । ইয়াৰ পৰৱৰ্তী সময়ত ‘অংক কৰাৰ আনন্দ, ‘চাহ বাগিছা আদিপাঠ’, ‘অসমত চাহ খেতিৰ ইতিবৃত্ত’কে ধৰি বহু কেইখন গ্ৰন্থ প্ৰকাশ কৰাৰ উপৰি শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত বিশেষ গ্ৰন্থ ৰচনা কৰিছিল যদিও মৃত্যুৰ সময়লৈকে অপ্ৰকাশিত হৈ থাকিল । তেজপুৰ আঞ্চলিক সাহিত্য মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি, দৌলগুৰি শান্তি ধাম উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰাক্তন বিষয়ববীয়া, তেজপুৰ আঞ্চলিক বিহু সন্মিলনৰ উপদেষ্টা, তেজপুৰ আঞ্চলিক ক্ৰীড়া-সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সভাপতি, শংকৰদেৱ নামঘৰ ঊষা নগৰৰ উপদেষ্টাকে ধৰি বিভিন্ন দায়িত্বৰ লগতে নিৰৱে সাহিত্য চৰ্চা অব্যাহত ৰখা শইকীয়াই মুম্বাইৰ টাটা শৈক্ষিক প্ৰতিষ্ঠানত বিশেষ শিক্ষা গ্ৰহণ কৰাৰ লগতে চাকৰি কালত লণ্ডনকে ধৰি বহু বিদেশী ৰাষ্ট্ৰৰ বিভিন্ন শৈক্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল । ১৯৮৮ চনত কেন্দ্ৰীয় চৰকাৰৰ  মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক হিচাপে অৱসৰগ্ৰহণ কৰা শইকীয়াই চাহ জনগোষ্ঠীয় লোকসকলৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত যেনেদৰে কাকত আলোচনীত নিয়মীয়াকৈ প্ৰৱন্ধ ৰচনা কৰি আহিছিল, একেদৰে সাহিত্যৰ বিভিন্ন দিশৰ ওপৰতো সাহিত্য চৰ্চাৰে এগৰাকী নিৰৱ সাহিত্য কৰ্মী হিচাপে সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে, ৯৪ বছৰ বয়সলৈকে কোনো ধৰণৰ শাৰীৰিক ৰোগত আক্ৰান্ত নোহোৱা প্ৰবল মানসিক শক্তিৰ অধিকাৰী অতি সৰবৰহী শইকীয়া কিছুদিন পূৰ্বে বাসগৃহতে পিচলি পৰাত কঁকালত আঘাতপ্ৰাপ্ত হৈছিল । ক্ৰমান্বয়ে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত আজি তেওঁক তেজপুৰৰ নেমকেয়াৰ হাস্পতালত পুৱাৰ ভাগত চিকিৎসাধীন কৰোৱা হৈছিল যদিও বিয়লি আকস্মিকভাৱে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত দণ্ডেশ্বৰ শইকীয়াই দুগৰাকী কন্যা, এজন জোঁৱাইৰ লগতে অসংখ্য গুণমুগ্ধক এৰি থৈ গৈছে । বাতৰি লিখা পৰলৈকে এইগৰাকী বিশিষ্ট লেখক-শিক্ষা বিষয়াৰ শেষকৃত্য সম্পন্ন হোৱা নাই যদিও তেওঁৰ মৃত্যুত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা,  ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, চাহ জনগোষ্ঠীয় লেখক সাহিত্যিক, সুশীল কুৰ্মী, নকুল কুৰ্মী, মনোমতী কুৰ্মী, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, শোণিতপুৰ প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মা, চাহ জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতি মনীষ ঠাকুৰ আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন  কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More