শিক্ষাৰ্থীৰ মানসিক সমস্যা আৰু মানসিক স্বাস্থ্যজনিত সমস্যা দূৰ কৰাৰ অৰ্থে শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ

0 31

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ জানুৱাৰী : শিক্ষাৰ্থী সকলে বিদ্যালয়ত কিবা মানসিক সমস্যাৰ সন্মুখীন হয় নেকি, পাৰিবাৰিক বা সামাজিক ভাৱে কিবা মানসিক সমস্যাত ভূগি থাকিব লগা পৰিস্থিতিৰ সন্মুখীন হয় নেকি? যদি এনে মানসিক সমস্যাৰ সন্মুখীন হৈ আহিছে এতিয়াৰে পৰা পৰা সেই শিক্ষাৰ্থী গৰাকীয়ে নিজৰ নিজৰ বিদ্যালয়ত ৰখা একোটা ড্ৰপ বক্সত সেই সমস্যা সমূহ লিখিত ভাৱে অৱগত কৰাৰ পিছত বিদ্যালয় কৰ্তৃপক্ষই সংশ্লিষ্ট দায়িত্ববাহী শিক্ষকৰ জৰিয়তে তেনে সমস্যা সমূহ সমাধানৰ বাবে আগবাঢ়ি আহি ইয়াক নিৰাময় কৰি তুলিব লাগিব। এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কালিৰে পৰা দুদিনীয়াকৈ তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। “শিক্ষাৰ্থীৰ মানসিক কল্যাণ আৰু মানসিক স্বাস্থ্য” শীৰ্ষক এই দুদিনীয়া কৰ্মশালাত শোণিতপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ মাধ্যমিক পৰ্য্যায়ৰ ৯০ গৰাকী শিক্ষক – শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰে ।বিদ্যালয়সমূহৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলক সামৰি শিক্ষক সকলে এই সমস্যাৰ পৰা শিক্ষাৰ্থী সকলক মুক্ত কৰিবলৈ দুদিনীয়াকৈ আয়োজন কৰা প্ৰশিক্ষণ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত জিলা আঁচনি বিষয়া কৃষ্ণকান্ত ডেকা আৰু শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক তথা ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কাণ্ডুলনা উপস্থিত থাকি ৯০ গৰাকী প্ৰশিক্ষাৰ্থীক আদৰণী জনায় এই আঁচনিখন সফলকাম কৰি শিক্ষাৰ্থী সকলৰ সেই মানসিক সমস্যাৰ দিশটোৰ পৰা মুক্ত কৰিবলৈ তৎপৰতা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰাৰ পিছত প্ৰশিক্ষণ কৰ্মশালাৰ সমল প্ৰশিক্ষক মায়াশ্ৰী বৰুৱা নেওগ আৰু পদুম দাসে প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখ্য যে, এই প্ৰশিক্ষণ কৰ্মশালাত অংশ গ্ৰহণ কৰা শিক্ষক – শিক্ষয়িত্ৰী সকলে প্ৰতিমাহে নিজ নিজ বিদ্যালয়ৰ নৱম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ লগত মত বিনিময় কৰি শিক্ষাৰ্থী সকলৰ মানসিক সমস্যাৰ বুজ ল’ব লাগিব আৰু ইয়াৰ পিছত শিক্ষাৰ্থী সকলে সমস্যা সমূহ ড্ৰপ বক্সত লিখিত আকাৰত অৱগত কৰাৰ পিছত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More