শিক্ষিত যুৱতীক সংস্থাপনৰ লক্ষ্য নন্দিনী ফাউণ্ডেচনৰ

ধেমাজি বালিকা মহাবিদ্যালয়ত সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি

0 65

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১১ মে’ : শিক্ষিত নিবনুৱা যুৱতী তথা ছাত্ৰীসকলক সংস্থাপনৰ বাট দেখুওৱাৰ উদ্দেশ্যে আগবাঢ়ি অহা নন্দিনী ফাউণ্ডেচনৰ উদ্যোগত আৰু ধেমাজি বালিকা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত যোৱা ৪ মে’ৰ পৰা সপ্তাহজোৰাকৈ অনুষ্ঠিত Employbility Skill development programme শীৰ্ষক কৰ্মশালাখন আজি সামৰণি পৰে । ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয়খনৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰ্মশালাত মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে নন্দিনী ফাউণ্ডেচনৰ soft/life skillৰ প্ৰশিক্ষক আকুলতা বৰাই অংশগ্ৰহণ কৰি জীৱিকাৰ পথ সুগম কৰাৰ ক্ষেত্ৰত ছাত্ৰীসকলৰ কৰণীয়, নন্দিনী ফাউণ্ডেচন আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানীয়ে নিবনুৱা যুৱক-যুৱতীৰ বাবে আগবঢ়োৱা সুবিধা, কৰ্মশালাৰ লক্ষ্য-উদ্দেশ্য আদি বিস্তৃত আলোকপাত কৰি স্বাৱলম্বিতাৰ এক পথ আঙুলিয়াই দিয়ে । কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰা কেউগৰাকী ছাত্ৰীকে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ তৰফৰপৰা মানপত্ৰ প্ৰদান কৰাৰ লগতে বিশেষভাৱে পাৰদৰ্শিতা দেখুওৱা চাৰিগৰাকী ছাত্ৰী ক্ৰমে স্বপ্না শুভ, ডিম্পী মৰাং, কাজল মিলি আৰু লিকুমণি বৰুৱাক মহিন্দ্ৰা কোম্পানীৰ ফালৰপৰা বিশেষভাৱে পুৰস্কৃত কৰে । তদুপৰি তেওঁলোকক নিয়োগৰ বাবে সাক্ষাৎকাৰলৈ মাতিব বুলি অৱগত কৰে । আজিৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰা ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁয়ে নন্দিনী ফাউণ্ডেচন আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানীয়ে ছাত্ৰীসকলৰ বাবে লোৱা এই পদক্ষেপক শলাগ লয় আৰু এই ব্যৱস্থাই অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত অলপ হ’লেও সকাহ দিব বুলি উল্লেখ কৰে । মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক মনমোহন গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও অংশগ্ৰহণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More