শিলসাঁকোৰ উচ্ছেদ : বিজেপি চৰকাৰৰ চূড়ান্ত অগণতান্ত্রিক কাৰ্য- চিপিআই (এম এল)

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪ মাৰ্চ: চিপিআই (এম এল) ৰ অসম ৰাজ্যিক সমিতিয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে শিলসাঁকোত চলোৱা উচ্ছেদ কাৰ্যক তীব্র ভাষাৰে গৰিহণা দিছে। এক প্ৰেছ বিজ্ঞপ্তিত দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে কয় যে হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক আৰু বছৰেকীয়া পৰীক্ষা চলি থকাৰ সময়তে কোনো ধৰণৰ বিভাগীয় জাননী অবিহনে উচ্ছেদ কাৰ্য চলোৱা হৈছে। মুখ্যমন্ত্রীয়ে শিলসাঁকোত বসবাস কৰা সকলক অবৈধ ভাবে চৰকাৰী মাটি দখল কৰা লোক বুলি কৈছে আৰু এতিয়া তেওঁ কৈছে যে ২০০৮ ৰ পিছত যি সকলে মাটি দখল কৰিছে তেওঁলোকক উচ্ছেদ কৰা হবই।বিবৃতিটোত লগতে এইসন্দৰ্ভত কোৱা হৈছে যে,প্ৰথমতে এয়া বিভাজনৰ এক কৌশল। দ্বিতীয়তে হিমন্ত বিশ্ব শৰ্মা দীর্ঘ সময় গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী আছিল আৰু তৰুণ গগৈ চৰকাৰৰ শেষৰ দুটা কাৰ্যকাল ২০০৬-২০১৫ এক প্ৰভাৱশালী মন্ত্রী আছিল বুলি সকলোৱে জানে। তাৰমানে প্ৰভাৱশালী মন্ত্রী জনে শিলসাঁকোত মাটি দখল কৰিবলৈ তেতিয়া সহায় কৰিছিল নেকি? যদি ২০০৮ ৰ পিছত অহা সকলক উচ্ছেদ কৰা হয় তেন্তে ২০০৮ ৰ পিছত কাঞ্চনজুৰিৰ এনিমেল কৰিডৰ আগচি নিজৰ ব্যক্তিগত ৰিজৰ্ট নিৰ্মাণ কৰা মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রীৰ ক্ষেত্ৰত একে আইনেই প্ৰযোজ্য হবনে বুলিও দাসে প্ৰশ্ন কৰে। বিবৃতিত দাসে এই বুলিও প্ৰশ্ন কৰে যে, মুখ্যমন্ত্রীৰ পত্নী আৰু পুত্ৰৰ নামত ২৯ বিঘা চৰকাৰী মাটি যদি আবন্টন দিব পাৰে তেন্তে অসমৰ বিভিন্ন ঠাইৰ পৰা -বানপানীৰ বাবেই হওক বা আন কাৰনতেই হওক- অহা এইখন ৰাজ্যৰে দৰিদ্ৰ লোকসকলক মাটি আবন্টন দিয়াত কি বাধা আছিল। বিবৃতিত দাসে কয় যে শিলসাঁকোৰ উচ্ছেদ অহা ১০ দিনলৈ বন্ধ ৰাখিব বুলি শিলসাকোঁৰ উন্নয়ন সমিতিৰ লগত হোৱা বৈঠকত তেওঁ উল্লেখ কৰিছে লগতে উচ্ছেদিত সকলক বিকল্প ভূমি আৰু উচিত ক্ষতিপূৰণ প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। দাসৰ প্ৰশ্ন, দহ দিনলৈ কিয়?সমগ্ৰ অসমৰ ভূমি যেতিয়ালৈকে জৰীপ নহ’ব আৰু চৰকাৰী ভূমি দখল কৰি থকা বহিৰাগত, বিদেশী আৰু মন্ত্ৰী আমোলাৰ তালিকা প্ৰস্তুত নহ’ব তেতিয়ালৈকে উচ্ছেদ বন্ধ ৰাখিব লাগিব। আনকি সাধাৰণ উচ্ছেদৰ ক্ষেত্ৰতো আইনসন্মতভাবে ক্ষতিপূৰণ নিৰ্দ্ধাৰণ কৰি নিস্পত্তি হোৱাৰ পাছতহে উচ্ছেদৰ প্ৰক্ৰিয়া গ্ৰহণ কৰাটো আইনসন্মত নিয়ম যদিও কিন্ত দুৰ্ভাগ্যজনক যে চৰকাৰে সেই নূন্যতম নিয়মো পালন কৰা নাই আৰু নিজ দেশৰ অধিবাসী নাগৰিকৰ লগত এইখন চৰকাৰে আক্ৰমনকাৰী শত্ৰুৰ দৰে ব্যৱহাৰ কৰিলে। সমগ্ৰ উচ্ছেদ প্ৰক্ৰিয়াক টোঘলকী কাণ্ড বুলি আখ্যা দিয়াৰ লগতে নিজৰ ব্যৰ্থতা ঢকাৰ প্ৰয়াস বুলি মন্তব্য কৰি বিবৃতিত দাসে শিলসাকোঁৰ উচ্ছেদিত সকলক পুনৰ সংস্থাপন আৰু উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More