শিলিখাগুৰিত স্বাস্থ্য খণ্ডৰ ৰাষ্ট্ৰীয় গুণগত নিশ্চয়তা মান (NQAS) কৰ্মসূচী সম্পন্ন

ৰাজহুৱা চিকিৎসালয়ৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰাৰ লক্ষ্য

0 214

শতাব্দ নাৰায়ণপুৰৰ প্ৰতিবেদক,৩০ মে’: স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে স্বাস্থ্য খণ্ডত ভাল প্ৰদৰ্শন আগবঢ়োৱা কল্যাণ কেন্দ্ৰসমূহৰ কৰ্মৰাজিক স্বীকৃতি দিয়াৰ লগতে সমাজত ৰাজহুৱা চিকিৎসালয়সমূহৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা ৰাষ্ট্ৰীয় গুণগত নিশ্চয়তা মানদণ্ড অৰ্থাৎ নেশ্যনেল কোৱেলিটি এচুৰেঞ্চ ষ্টেণ্ডাৰড NQAS কাৰ্যসূচী লখিমপুৰ জিলাৰ শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত যোৱা ২৯মে’ত অনুষ্ঠিত কৰে।NHSRCৰ দ্বাৰা সমগ্ৰ দেশতে ৰূপায়ন হৈ অহা এই কাৰ্যক্ৰম জিলাখনৰ ভিতৰতে শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত অনুষ্ঠিত কৰাৰ বাবে অঞ্চলবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে। মান নিৰ্ণায়ক আডাপ্পা ৱাচু বাবু আৰু ডা০ দিলীপ কুমাৰ দত্ত’ই স্বাস্থ্য কল্যাণ কেন্দ্ৰখনে আগবঢ়োৱা সেৱা আৰু সচেতনতাসমূহৰ পুংখানুপুংখ তদাৰক কৰি কেন্দ্ৰটোত পোৱা অতি ভাল লগা বিষয়সমূহৰ লগতে কৰণীয় আৰু অধিক উৎকৰ্ষ সাধনৰ বাবে দিব লগা পৰামৰ্শসমূহ আগবঢ়ায়। অন্ধ ব্যক্তিৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সংস্থাপিত নামফলকসমূহ স্থায়ীভাৱে লগোৱাৰ ব্যৱস্থা কৰা, কৰি যোৱা কামসমূহৰ পৰা লাভ কৰা সুফলসমূহ তথ্য সম্বলিতভাৱে সংৰক্ষণ কৰা, কল্যাণ কেন্দ্ৰটোৰ অন্তৰ্ভুক্ত ৪৫০০ গৰাকী জনতাৰ মন স্পৰ্শ কৰিব পৰাকৈ তেওঁলোকৰৰ শাৰীৰিক সমস্যাৰ বুজ লৈ সেইসমূহ নিৰাময়ৰ দিহা-পৰামৰ্শ,উৎসাহ প্ৰদান কৰাকে প্ৰমূখ্য কৰি চিকিৎসক, চিকিৎসাকৰ্মী আৰু সাধাৰণ জনতাৰ মাজত দূৰত্ব নাইকীয়া কৰি প্ৰকৃতাৰ্থত কল্যাণ সাধন কৰিব পৰাৰ কৃতিত্ব লাভ কৰিলেই চৰকাৰী চিকিৎসাই চমকপ্ৰদ সফলতা লাভ কৰিব বুলি তেওঁলোকে অভিহিত কৰে। বৰ্তমান কল্যাণ কেন্দ্ৰসমূহৰ কাৰ্যপ্ৰণালী যি দ্ৰুত আৰু তৎপৰতাৰে আগবাঢ়িছে ইয়াৰ জৰিয়তে অতি কম সময়ত সাধাৰণ জনতা চৰকাৰী চিকিৎসালয়ৰ প্ৰতি আস্থাশীল হৈ পৰিব বুলিও মাননিৰ্ণায়কদ্বয়ে মত ব্যক্ত কৰে। জিলা স্বাস্থ্য বিভাগ, ধলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নাৰায়ণপুৰ আদৰ্শ স্বাস্থ্য কেন্দ্ৰৰ যৌথ তত্বাৱধানত অনুষ্ঠিত NQAS কাৰ্যসূচীত কল্যাণ কেন্দ্ৰখনৰ আটাইবোৰ উপ সমিতিয়ে অংশ লোৱাৰ লগতে মান নিৰ্ণায়কদ্বয়ক নৃত্য-গীত, ঢোলে-ডগৰে আদৰ সম্ভাষণ জনায় নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়ৰ শিল্পী দলে।পুৱা আৰু বিয়লি বিষয়া, চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু উপ সমিতিসমূহৰ প্ৰতিনিধিৰ লগত এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়।জিলা স্বাস্থ্য বিভাগ, ধলপুৰ আৰু নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়ৰ তত্বাৱধানত অনুষ্ঠিত কৰা অনুষ্ঠানটোত Team JHEPIGO আৰু STATE QUALITY CELLl এ পূৰ্ণ সহযোগ আগবঢ়ায়। বৰ্ষজোৰা প্ৰচেষ্টা আৰু পৰিকল্পনাৰে অনুষ্ঠিত হোৱা ANQAS কাৰ্যসূচীৰ জৰিয়তে ৰাইজ উপকৃত হোৱা বুলিও বহুজনে মত প্ৰকাশ কৰে। আনহাতে অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া বিজিৎ দেউৰীয়ে সকলোৰে শলাগ লোৱাৰ লগতে জিলাখনৰ ভিতৰতে তেওঁ পৰিচালনাত থকা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰটিকে মাননিৰ্ণয়ৰ বাবে বিবেচনা কৰাৰ বাবে উৰ্ধতন কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে। অৱশ্য মান নিৰ্ণায়কসকলে তথ্য পাতিৰ ওপৰত ভিত্তি কৰি অটুত ৰখা মানদণ্ড কি হ’ব পাৰে সেয়া নিৰ্দিষ্ট সময়তহে ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More