শিশুক শাৰীৰিক উৎপীড়নৰ অভিযোগত বৃদ্ধ গ্ৰেপ্তাৰ

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৬ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ ঠেলামৰা আৰক্ষী থানা অন্তৰ্গত জহামাৰি নপামৰ এজন লোকে এটি কন্যা শিশুক শাৰীৰিক উৎপীড়ন চলোৱাৰ এক জঘন্য ঘটনাৰ অভিযোগ উঠিছে ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,বিপিন নাথ নামৰ প্ৰায় ৭০বছৰীয়া লোকজনে পূৰ্বপৰিচিত শিশুটিক ফুচুলাই নি এনে দুস্কাৰ্য কৰে প্ৰায় এসপ্তাহ পূৰ্বে৷ পাছত শিশুটিয়ে এইবিষয়ে প্ৰকাশ কৰাত অভিভাৱকে ২৪ফেব্ৰুৱাৰীত ঘটনা সন্দৰ্ভত ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ইয়াৰ পিছতে আৰক্ষীয়ে কালি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে পীড়িতা শিশুটিৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে৷ আজি বিয়লি অভিযুক্ত নাথক আৰক্ষীয়ে তেজপুৰস্হিত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰাই আৰু আদালতে অভিযুক্তক ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷ ইপিনে অভিযুক্তই এই অভিযোগ সংবাদ মাধ্যমৰ আগত অস্বীকাৰ কৰাৰ বিপৰীতে কালি গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁ মধ্যভোগীৰ জৰিয়তে মীমাংসাৰ চেষ্টা চলাইছিল বুলিও অভিযোগ উঠিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More