শিশু মাঙ্কিপক্সত বেছি আক্রান্ত হ’ব পাৰেঃ সতর্ক কৰিলে ICMR-এ

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ মে’ : মাঙ্কিপক্সক লৈ সতর্ক কেন্দ্রীয় চৰকাৰ। এই লৈ সতর্ক কৰিলে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছেও (ICMR)। কেন্দ্ৰীয় সংস্থাটোৱে এই লৈ এক সতর্কতাও জাৰি কৰিছে। ICMR-এ জনাইছে যে, শিশুসকল এই ৰোগ বেছিকৈ আক্রান্ত হ’ব পাৰে। সেয়ে এই ৰোগ সম্পর্কে সাৱধান হোৱা প্রয়োজন। তদুপৰি নজৰ ৰাখিব লাগিব ইয়াৰ উপসর্গৰ ওপৰতো। অৱশ্যে দেশত এতিয়ালৈকে কোনো মাঙ্কিপক্স ৰোগীৰ সন্ধান পোৱা হোৱা নাই। ইফালে এই ৰোগ নির্ণয়ৰ বাবে ইতিমধ্যেই এক আৰটিপিচিৰ টেষ্ট কিট তৈয়াৰ কৰিছে বেচৰকাৰী সংস্থা টিভিট্রন হেলথ কেয়াৰে। উল্লেখ্য যে, এই পর্যন্ত বিশ্বৰ ২১খন দেশত ২২৬ জন মাঙ্কীপক্স ৰোগীৰ সন্ধান পোৱা গৈছে। এই হিচাপ বিশ্ব স্বাস্থ্য সংস্থাৰ। অৱশ্যে সংস্থাটোৱে আৰু ১০০ জনৰ ভিতৰত মাঙ্কিপক্স সংক্রমণ হ’ব পাৰে বুলিও সন্দেহ কৰিছে। যোৱা ৬ মে’ত ব্রিটেইনৰ এজন নাগৰিকৰ শৰীৰত মাঙ্কিপক্স ধৰা পৰিছিল। সেই ব্যক্তিজন নাইজেৰিয়াৰ পৰা ঘূৰি আহি মাঙ্কিপক্সত আক্রান্ত হৈছিল। অৱশ্যে এইপর্যন্ত স্পেইনতেই এই ৰোগৰ সকলোতকৈ বেছি ৰোগীৰ সন্ধান পোৱা গৈছে। স্পেইনত এতিয়ালৈকে মাঙ্কিপক্সত আক্রান্ত হৈছে ৯৮ জন।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More