শিৱসাগৰত পুনৰ সক্ৰিয় ৰূপত আত্ম প্ৰকাশ কুখ্যাত হাণি ট্ৰেপিং চক্ৰৰ

ব্যৱসায়ীৰ পৰা ব্লেক মেইলিঙেৰে লুটিলে ৪ লাখ টকা

0 11

 শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ৪ মে’ : শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ পৰিচালনাত ডি এচ পি হেডকোৱাৰ্টাৰ ডেইজী গগৈ আৰু সদৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত নগৰ উপ পৰিদৰ্শক বিশ্বজ্যোতি দুৱৰীয়ে যোৱা নিশা জয়সাগৰৰ সমীপৰ ৰূদ্ৰসাগৰ ৰাধিকা নগৰত অভিযান চলাই উজনিত আতংকৰ সৃষ্টি কৰি অহা এটা হাণি ট্ৰেপিং চক্ৰৰ লগত জড়িত দিপাংকৰ দাস (৩৯) আৰু অমৰদ্বীপ ওৰফে জয়দ্বীপ দাস (৩৮)ক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । অৱশ্যে আটকাধীন অমৰদ্বীপ, দিপাংকৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ এটা দলে পুৱতি নিশা দেৰগাঁৱতো অভিযান চলাইছিল যদিও আৰক্ষীৰ অভিযানৰ পুৰ্বেই হাণি ট্ৰেপিং চক্ৰৰ খলনায়িকা চাবিনা বেগমৰ লগতে মূল মাষ্টাৰ মাইণ্ড আশীক আলি, চৰিফুল আলি, ৰুবুল আলি আৰু দিগন্ত দাস নামৰ অভিযুক্ত কেইটাই সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত বাতৰি মতে বিগত প্ৰায় আঠটা বছৰ ধৰি শিৱসাগৰকে ধৰি উজনি অসমৰ আটাই কেইখন জিলাতেই হাণি ট্ৰেপিঙৰ জৰিয়তে ব্যৱসায়ী, ঠিকাদাৰ, অ’এনজিচিৰ কৰ্মচাৰী, চিকিৎসকক নাৰী দেহৰ প্ৰলোভনেৰে নিজৰ জালত বন্দী কৰি অহা চক্ৰটোৱে শেহতীয়াকৈ অতি সংগোপনে নিজৰ জালত পেলাইছিল শিৱসাগৰ দলমুখ চাৰিআলিৰ এগৰাকী ব্যৱসায়ীক । দলমুখ চাৰিআলিৰ সমীপৰ নিৱাসী অঞ্জন কুমাৰ ৰয় নামৰ ব্যৱসায়ী গৰাকীৰ সৈতে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰথমতে মোবাইল ফোনেৰে কথোপকথনেৰে মধুৰ সম্পৰ্ক গঢ়ি তুলিছিল বহু বিতৰ্কিত চাৱিনাই । মোবাইল ফোনৰ মধুৰ সম্পৰ্কৰ আচিলাৰে পৰৱৰ্তী সময়ত চাৱিনা নামৰ কুখ্যাত মহিলা গৰাকীয়ে ব্যৱসায়ীজনক মাতি নিছিল ৰূদ্ৰসাগৰ ৰাধিকা নগৰৰ এটা ঘৰলৈ । হাণি ট্ৰেপিং চক্ৰৰ পৰিকল্পনা অনুসৰিয়েই এই ঘৰটোৰ ভিতৰত পুৰ্বৰে পৰাই সাজু হৈ থকা আশীক, চৰিফুল, ৰুবুল, দিগন্ত, অমৰ দ্বীপ ওৰফে জয়দ্বীপ আৰু দিপাংকৰে ব্যৱসায়ীজনক প্ৰথমতে মাৰধৰ আৰু ইয়াৰ পিছত মৃত্যুৰ ভাবুকিৰে কাপোৰ খুলিবলৈ বাধ্য কৰায় । লগে লগেই বহুৰূপী মহিলা কুখ্যাত চাৱিনাৰ সৈতে বলপুৰ্বক অসংযত অৱস্থাৰ কেতবোৰ ফটো আৰু ভিডিঅ সংগ্ৰহ কৰি ৭ লাখ টকা দাবী কৰে । ইয়াৰ অন্যথাই এই আপত্তিজনক ফটো আৰু ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে । পৰিয়াল তথা সামাজিক মৰ্যাদাৰ কথা চিন্তা কৰি দুৰ্ভগীয়া ব্যৱসায়ীজনে বিগত বৰ্ষৰ ১৯ ডিচেম্বৰৰ পৰা কেইবাটাও কিস্তিত চক্ৰটোক মুঠ চাৰি লাখ টকা আদায় দিছিল । কিন্তু শেহতীয়াকৈ পুনৰ চাৱিনা নেতৃত্বাধীন হাণি ট্ৰেপিং চক্ৰটোৱে ব্যৱসায়ীজনক আপত্তিজনক ভিডিঅ ভাইৰেল কৰাৰ ভাবুকিৰে দেৰ লাখ টকা দাৱী কৰাত সৰ্বস্বান্ত আতংকিত ব্যৱসায়ীজনে আৰক্ষীৰ শৰণাপন্ন হয় । সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সদৰ আৰক্ষী থানাত ব্যৱসায়ী অঞ্জন কুমাৰ ৰয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ১৯৭ / ২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি অনুসন্ধান আৰম্ভ কৰে । এই ঘটনাক অধিক গুৰুত্ব সহকাৰে লোৱা জিলাখনৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই ৰচনা কৰা নিখুত পৰিকল্পনাৰ ভিত্তিতেই মোবাইল টাৱাৰ লকেশ্বন আৰু ভূক্তভোগী ব্যৱসায়ী গৰাকীৰ বেশেৰে সদৰ ডি এচ পি ডেইজী গগৈ, ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতা আৰু টি এচ আই বিশ্বজ্যোতি দুৱৰীয়ে ধন আদায় দিয়াৰ চলেৰে হাতে লোটে ৰাধিকা নগৰৰ নিজ বাসগৃহৰ সমীপৰ পৰাই আটক কৰিবলৈ সক্ষম হয় দিপাংকৰ আৰু অমৰদ্বীপক । আৰক্ষীয়ে দুই অভিযুক্তৰ জিম্মাৰ পৰা ধন দাবীত ব্যৱহৃত মোবাইল ফোন দুটাও জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে দিপাংকৰ আৰু অমৰদ্বীপ স্থানীয় গাওঁৰক্ষী বাহিনীৰ সভাপতি আৰু সম্পাদক । ইফালে ধৃত দিপাংকৰ আৰু অমৰদ্বীপে আৰক্ষীৰ জেৰাত এই ঘটনাৰ লগত কুখ্যাত চাৱিনা বেগমৰ লগতে চাৱিনাৰ প্ৰথম স্বামী মষ্ট ৱান্টেড হাণি ট্ৰেপিং চক্ৰৰ মাষ্টাৰ মাইণ্ড চৰিফুল আলি, দ্বিতীয় স্বামী দেৰগাঁৱৰ নিৱাসী আশীক আলি আৰু অন্য দুই সহযোগী ৰুবুল আৰু দিগন্ত দাস জড়িত থকাৰ কথা স্বীকাৰ কৰে । এই তথ্যৰ ভিত্তিতেই লগে লগেই শিৱসাগৰ আৰক্ষীৰ এটা দলে দেৰগাঁৱৰ দ্বিতীয় স্বামীৰ ঘৰত আত্মগোপন কৰি থকা চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই যদিও অতি চতুৰ চাৱিনা, চৰিফুল, আশীক, দিগন্ত আৰু ৰুবুলে পৃথক গোটত বিভক্ত হৈ সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় । আনহাতে শিৱসাগৰ আৰক্ষীৰ মাৰাথান জেৰাৰ সন্মুখীন হোৱা ধৃত অমৰদ্বীপ আৰু দিপাংকৰে হাণি ট্ৰেপিং চক্ৰটোৰ ভিতৰ চৰাৰ কেতবোৰ বিস্ফোৰক স্বীকাৰোক্তি ফাদিল কৰাৰ কথা জানিব পৰা গৈছে । আৰক্ষীয়ে ধৃত দীপাংকৰ আৰু অমৰদ্বীপক ভাৰতীয় দণ্ডবিধি ১২০ ( বি) ,৩৮৭ / ৩২৩/ ৫০৬ ধাৰাত আনুষ্ঠানিক গ্ৰেপ্তাৰ কৰি শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ।
a

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More