শিৱসাগৰত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি গৰুৰ মৰাশ খাই ২৫ টা শগুণৰ মৃত্যুঃ ৯ টা অসুস্থ অৱস্থাত উদ্ধাৰ

সোধা পোচাৰ বাবে কেইবাজনকো আটকঃ

0 57

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ২৩ জানুৱাৰীঃ বিশ্বজুৰি প্ৰকৃতিৰ জামাদাৰখ্যাত শগুণ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰকৃতি প্ৰেমী অনুস্থান সমুহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তেই আজি শিৱসাগৰত সংঘটিত হল এক অমানৱীয় ঘটনা ৷ মাৰাত্মক ৰাসায়নিক দ্ৰব্য খাই মৃত্যুৰ মুখত পৰা এটা গৰুৰ লগতে ম’হৰ পোৱালীৰ মৰাশ ভক্ষণ কৰি ২৫ টাকৈ অতি বিৰল প্ৰজাতিৰ হিমালয়ান গ্ৰিফন আৰু হোৱাইট বেক প্ৰজাতিৰ শগুণৰ থিতাতে মৃত্যুৰ মুখত পৰাৰ লগতে ৯ টাকৈ শগুণ গুৰুতৰভাৱে অসুস্থ অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰকৃতিৰ লগতে সমগ্ৰ মানৱ সমাজলৈ এক প্ৰকাৰৰ অশনি সংকেত কঢ়িয়াই অনা এই অমানৱীয় তথা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ চিতলীয়া নাওজান বিলৰ পাৰৰ পথাৰত ৷ ইতিমধ্যে ঘটনাস্থলীতেই কৰুণ মৃত্যুক সাৱতি লোৱা ২৫ টা শগুণৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে অতি গুৰুতৰ ভাৱে অসুস্থ ৯ টা শগুণক বন বিভাগৰ সহযোগত পশু চিকিৎসকৰ দলে চিকিৎসা অব্যাহত ৰাখিছে ৷ প্ৰাপ্ত বাতৰি মতে নাওজান বিলৰ পাৰত কোনো ব্যক্তিয়ে পেলাই থৈ যোৱা এটা গৰু আৰু ম’হৰ পোৱালীৰ শ ভক্ষণ কৰিছিল এটা বিৰল প্ৰজাতিৰ শগুণৰ জাকে ৷ কিন্তু আজি পুৱাৰে পৰা উক্ত গৰু আৰু ম’হৰ পোৱালীটোৰ মৰাশ পৰি থকা স্থানটোৰ সমীপতেই বহু সংখ্যক শগুণ অতি সংকটজনক অৱস্থাত চটফটাই থকা প্ৰত্যক্ষ কৰে একাংশ ব্যক্তিয়ে ৷ লগে লগেই কেইবা গৰাকীও প্ৰকৃতি প্ৰেমী যুৱকে এই সন্দৰ্ভদ শিৱসাগৰ বন বিভাগক অৱগত কৰাত তাৎক্ষণিক ভাৱে জিলা বন সংমণ্ডল বিষয়া দেৱেন চন্দ্ৰ কলিতা, এ চি এফ বুবুল বৰুৱা, ৰেঞ্জাৰ কাশীনাথ খনিকৰ, বন কৰ্মী চৈয়দ মাহমুদুল হাচানৰ লগতে মুঠ তিনিটাকৈ বন বিভাগৰ দল সহ এটা পশু চিকিৎসকৰ দল অতি দুৰ্গম চিতলীয়া নাওজান বিলৰ পাৰত উপস্থিত হয়গৈ ৷ দলটোৱে তাৎক্ষণিক ভাৱে ঘটনাস্থলীৰ পৰা মুঠ ৯ টা অতি অসুস্থ অৱস্থাত চটফটাই থকা শগুণ উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদানৰে চৰগুৱাস্থিত বিশেষ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পিছতেই দলটোৱে উক্ত মৰাশ পৰি থকা পথাৰখনৰ পৰা মুঠ ২৫ টা মৃত শগুনৰ শ উদ্ধাৰ কৰে ৷ বন বিভাগৰ দলটোৱে সম্পুৰ্ণ নীতি নিয়ম অনুসৰি পশু চিকিৎসকৰ সহায়ত আটাই কেইটা মৃত শগুণৰ মৰাশ মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত ঠাইতে সমাধিস্থৰ ব্যৱস্থা কৰে ৷ বন বিভাগ আৰু পশু চিকিৎসকৰ দলটোৱে মৃত্যুৰ প্ৰকৃত কাৰণ আৰু কোন শ্ৰেণীৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ শগুণৰ জাকটোৱে গ্ৰহণ কৰিছিল সেয়া প্ৰমাণ কৰিবৰ বাবেই মৃত শগুণ কেইটাৰ শৰীৰৰ অন্তৰ্ভাগৰ অংগ গুৱাহাটীস্থিত ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আনহাতে বিভাগীয় এক সূত্ৰ অনুসৰি অসুস্থ আটাইকেইটা শগুণক প্ৰাথমিক চিকিৎসাৰ অংশ হিচাবে পেটৰ ভিতৰত জমা হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্য উলিয়াবৰ বাবে বমি কৰোৱাবলৈ সক্ষম হৈছে ৷ মৃত শগুণৰ অন্তেষ্টিক্ৰিয়া আৰু অসুস্থ শগুণ উদ্ধাৰৰ পিছতেই বন বিভাগৰ দলটোৱে এই অমানৱীয় কৰুণ ঘটনাৰ আঁৰত ষড়যন্ত্ৰ থকাৰ সন্দেহ কৰি বন্য প্ৰাণী সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি কেইবাজনো ব্যক্তিক সোধাপোচাৰ বাবে আটক কৰিছে ৷ আজি মৃত্যু হোৱা শগুণ কেইটা সম্প্ৰতি বিশ্বজুৰি দুস্প্ৰাপ্য হৈ পৰা হিমালয়ান গ্ৰিফন আৰু হোৱাইট বেক প্ৰজাতিৰ বুলি বন বিভাগে জনাইছে ৷ একে সময়তে অসুস্থ অৱস্থাত উদ্ধাৰ কৰা ৯ টা শগুনৰ ভিতৰত দুটা হিমালয়ান গ্ৰিফন আৰু ৭ টা হোৱাইট বেক শ্ৰেণীৰ ৷ ইফালে সমগ্ৰ ৰাজ্য জোঁকাৰি নিয়া এই ভয়ংকৰ অমানৱীয় প্ৰকৃতিৰ জামাদাৰৰ মৃত্যুৰ আঁৰত একাংশ অবিবেচকী মানুহৰ হাত থকাৰ সন্দেহ প্ৰকাশ কৰিছে কেইবাটাও প্ৰকৃতি প্ৰেমী সংগঠন আৰু সচেতন ৰাইজে ৷ সংগঠন কেইটাৰ সন্দেহ সেই স্থানত বলীয়া হোৱা কুকুৰ হত্যা কৰিবৰ বাবে খাদ্যৰ লগত বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলাই কোনো অসচেতন ব্যক্তিয়ে পথাৰত পেলাই থোৱাৰ সময়তেই বলীয়া কুকুৰৰ পৰিৱৰ্তে ঘৰচীয়া গৰু আৰু ম’হৰ পোৱালীটোৱে ভক্ষণ কৰি মৃত্যুৰ মুখত পৰিছিল ৷ পৰৱৰ্তী সময়ত সজাগতাৰ অভাৱ অথবা লোক চাক্ষুৰ আঁৰ কৰিবৰ বাবেই মৃত গৰু আৰু ম’হৰ পোৱালীটো নাওজান বিলৰ পাৰত উন্মুক্ত অৱস্থাত পেলাই থোৱাৰ ফলতেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাটো প্ৰায় স্পষ্ট হৈছে ৷ প্ৰকৃতিপ্ৰেমী সংগঠন কেইটাই এই অবিবেচকী কাণ্ডৰ আঁৰত জড়িত দুস্কৃতিকাৰীক শীঘ্ৰে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগৰ প্ৰতি আহব্বান জনোৱাৰ লগতে সৰ্বসাধাৰণ ৰাইজক ৰাসায়নিক পদাৰ্থ মিহলি দ্ৰব্য ব্যৱহাৰৰ পৰা আঁতৰি থকা তথা মৃত জীৱ জন্তুৰ মৰাশ বিজ্ঞান সন্মত ভাৱে গভীৰ গাঁত খান্দি পুতি থবলৈ আহব্বান জনাইছে ৷ উল্লেখ্য যে ৰাজ্যৰ ভিতৰতেই সৰ্বাধিক শগুণৰ বিচৰণ থলী হিচাবে পৰিচিত শিৱসাগৰত বিগত প্ৰায় পাঁচটা বছৰত অনুৰূপ বিষক্ৰিয়া তথা মৰাশ ভক্ষণ কৰি শতাধিক শগুণৰ মৃত্যু হৈছিল ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More