শিৱসাগৰত যোগ উৎসৱ

0 14

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মেঃ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ পৱিত্ৰ ধাম শিৱদৌল প্ৰাংগণত ভাৰত চৰকাৰৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে আজি আয়োজিত যোগ উৎসৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পোতাশ্ৰয়, জাহাজ পৰিবহণ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ মহেন্দ্ৰ মুঞ্জাপাৰাৰ সৈতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰে। এই ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, ছিক্কিমৰ স্বাস্থ্যমন্ত্ৰী ডাঃ মণি কুমাৰ শৰ্মা, অৰুণাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী আলু লিবাং, অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, যোগেন মহন, বিমল বৰা, যোৰহাটৰ সাংসদ তপন গগৈ, নগালেণ্ডৰ সাংসদ এছ ফাংনুন কন্যাক, অসমৰ বিধায়ক প্ৰশান্ত ফুকন, সুশান্ত বৰগোঁহাই, তৰঙ্গ গগৈ, চক্ৰধৰ গগৈ, ধৰ্মেশ্বৰ কোঁৱৰ, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ বিশেষ সচিব প্ৰমোদ কুমাৰ পাঠক, মূৰাৰ্জী দেশাই নেছনেল যোগা ইন্সটিটিউটৰ সঞ্চালক তথা আন্তঃৰাষ্ট্ৰীয় যোগ বিশেষজ্ঞ ড° ইশ্বৰ ভি বাসভাৰেড্ডী, অসমৰ এনএইচএম আৰু আয়ুষ মিছনৰ সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, শিৱসাগৰৰ উপায়ুক্ত মেঘনিধি দাহালেও অংশগ্ৰহণ কৰে।
উদ্বোধনী অনুষ্ঠানত ভাষণ দি স্বাস্থ্যমন্ত্ৰী মহন্তই কয় যে যোগাভ্যাসে শৰীৰ, মন আৰু আত্মাক সংযোগ কৰি আমাৰ ভিতৰৰ সুপ্ত শক্তিসমূহ জাগ্ৰত কৰে। ই মস্তিষ্কক সন্তুলিত কৰে, মন পৱিত্ৰ কৰে আৰু পৰমেশ্বৰৰ লগত আত্মাৰ সম্পৰ্ক স্থাপন কৰে। অৰ্থাৎ বুদ্ধিমত্তা, মন, আৱেগ আৰু ঈচ্ছাশক্তি — এই আটাইবোৰলৈ অনুশাসন আনি শৃংখলাবদ্ধ কৰিব পৰা অভ্যাসেই যোগাভ্যাস।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More