শিৱসাগৰৰ মেটেকাত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ

0 45

শতাব্দ শিৱসাগৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মে’: শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ঐতিহাসিক মেটেকা মাজগাঁৱৰ এজন ব্যক্তিৰ ঘৰত যোৱা নিশা উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য বনৰৌ৷ জানিব পৰা নিশা প্ৰায় দহ বজাত বনৰৌটো ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰি পৰিয়ালটোৱে তাৎক্ষণিক ভাৱে বন্যপ্ৰাণী সুৰক্ষাত কৰ্মৰত লোকক খবৰ দিয়ে৷ এই খবৰ লাভ কৰিয়েই বন্যপ্ৰাণী সুৰক্ষা- উদ্ধাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি কাম কৰি অহা যুৱক আকাশ দাস, বিশ্বজিৎ বৰুৱা, মৃন্ময় জ্যোতি দাস আৰু সুৰজ সিংহই লগে লগেই শিৱসাগৰ বন বিভাগক এই সন্দৰ্ভত অৱগত কৰি নিশাই সুৰক্ষিত ভাৱে বনৰৌটো উদ্ধাৰ কৰি বন বিভাগক ঘটাই দিয়ে ৷ প্ৰকৃতি প্ৰেমী যুৱক চাৰিজনে জানিবলৈ দিয়া মতে ইণ্ডিয়ান পেগুলিন নামে নামকৰণ কৰা তথা সম্প্ৰতি ক্ৰমাৎ বিলুপ্তপ্ৰায় প্ৰাণী হিচাপে পৰিগণিত৷ বনৰৌটো যথাসময়ত উদ্ধাৰ কৰা চাৰিজন যুৱকক একমুখে শলাগ লৈছে স্থানীয় মেটেকা মাজগাঁওবাসীয়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More