শুকান পথাৰকলৈ কৃষকৰ হাঁহাকাৰ

তেজপুৰত ঘগৰানৈত ভোগ আগবঢ়াই পানীৰ বাবে প্ৰাৰ্থনা কৃষকৰ

0 70
শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,১৯ জুলাইঃ দুটাকৈ বানে সৰ্বস্ৰান্ত কৰাৰ পিছত বৰ্তমান খৰাঙে ৰাজ্যৰ কৃষক সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে কৰিছে।সম্প্ৰতি শোণিতপুৰৰ বিভিন্ন অঞ্চলত দুবাৰকৈ বানে সৰ্বস্ৰান্ত কৰা কৃষকে কঠীয়া ৰোপন কৰিবলৈ গৈ প্ৰয়োজনীয় পানীৰ অভাৱত হতাশ হ’বলগীয়া হোৱাই নহয় তেজপুৰত আজি একাংশ কৃষকে নৈৰ পাৰত নাম গাই,ভোগ দি নেদেখাজনৰ ওচৰত পথাৰত পানীৰ বাবে প্ৰাৰ্থনা জনাবলগীয়া হৈছে। উল্লেখযোগ্য যে,তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি, বাঁহবাৰী মৌজা অন্তৰ্গত বিভিন্ন অঞ্চলৰ পথাৰসমূহ পানীৰ অভাৱত শুকাই গৈছে আৰু ইয়াত সম্প্ৰতি কঠীয়া পাৰিব পৰা অৱস্থাই নোহোৱা হৈছে। জিলাখনৰ বাঁহবাৰী মৌজাৰ তথা তেজপুৰৰ নিকটৱৰ্তী নতুন ঘগৰা, মণি ঝাৰণি, বেছেৰীয়া পাম, পুৰণা ঘগৰা, বৰচন, পাহৰণি, মোৱামাৰী, গণকচুবুৰী, ডেকাচুবুৰী, বেতনি, বৰাচুবুৰী, ছিঙাচুবুৰি, থিয়আটি, গুতিবৰা চুবুৰী, বান্দৰমাৰীকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ উদ্ভৱ হৈছে পথাৰত পানীৰ অভাৱত। উল্লেখযোগ্য যে,এই কৃষি প্ৰধান অঞ্চলসমূহৰ পথাৰত আজিলৈকে জলসিঞ্চন ব্যৱস্থাৰ সুবিধা কৃষকসকলে লাভ কৰিবলৈ সক্ষম নহ’ল। এনে পৰিস্থিতত উপায়ন্তৰ হোৱা কৃষক ৰাইজে সমীপৰ ঘগৰা নৈৰ পাৰত আজি পুৱা প্ৰায়  আঠ বজাত সমবেত হৈ নামপ্ৰসংগ কৰাৰ লগতে ঘগৰা নৈত ভোগ দি কৃষকসকলে তেওঁলোকৰ পথাৰত প্ৰয়োজনীয় পানীৰ বাবে প্ৰাৰ্থনা জনায়। উল্লেখযোগ্য যে,কৃষি নিৰ্ভৰ অৱশিষ্ট অঞ্চলসমূহৰ অন্যতম এই গাঁওসমূহৰ কৃষক ৰাইজে ধান খেতিৰ বাবে পথাৰত পানীৰ অভাৱ হ’লে পৰম্পৰাগত ভাবে ঘগৰা নৈৰ পাৰত নাম কীৰ্ত্তন কৰি আহিছে। সুদীৰ্ঘকালৰ পাছত এইবাৰ এনে জলশংকতৰ বাবেই আজি পুৱা গণকচুৰীৰ, ডেকাচুৰীৰ, থিয়আটি, ঘগৰাকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে সমুহীয়া ঘগৰা নৈৰ পাৰত পৰম্পৰাগত ভাবে নাম কীৰ্ত্তন কৰে। উল্লেখযোগ্য যে,ঘগৰা নৈখনৰ সোঁত আন নৈতকৈ ব্যতিক্ৰমী  ভাবে পশ্চিমৰ পৰা পূবলৈহে প্ৰবাহিত হয়।ৰাইজে নাম কীৰ্ত্তন সমাপন কৰি নৈত ভোগ অৰ্পণ কৰে। উল্লেখযোগ্য যে, বৃহত্তৰ অঞ্চলসমূহৰ পথাৰ পানীৰ অভাৱত চিৰাল ফাট দিছে। অঞ্চলটোৰ এগৰাকী কৃষক সাংবাদিক মনোজ কুমাৰ শইকীয়াই কয় যে,যি সকল কৃষকৰ পুখুৰী আছে তেওঁলোকে পুখুৰীৰ পানী পথাৰৰ কিছু অংশলৈ বোৱাই নি সামান্য একোটা অংশত কঠীয়া ৰোপন কৰিব পাৰিছে। শইকীয়াই এনেদৰে এই পৰ্যন্ত তেওঁৰ প্ৰায় ৫০বিঘা মাটিৰ ভিতৰত আধা অংশতো কঠীয়া ৰোপন কৰিব পৰা নাই পানীৰ অভাৱতে। একেদৰেই আন সকল কৃষকেও মূৰে কঁপালে হাত দিবলগীয়া হোৱাত উপায়ন্তৰ হৈ আজি ঘগৰা নৈত ভোগ দিয়ে যাতে তেওঁলোকৰ পথাৰত এই নৈখনৰ জৰিয়তেই খেতি উপযোগী পানী লাভ কৰিব পাৰে। উল্লেখযোগ্য যে,অঞ্চলসমূহত ঘগৰা নৈৰ বানে দুবাৰকৈ সকলো খেতি পথাৰ বুৰাই পেলোৱাত স্থানীয় কৃষকসকলৰ কঠীয়া নষ্ট হয় আৰু ইয়াৰ পাছত তেওঁলোকে বিভিন্ন অঞ্চলৰ পৰা কঠীয়া সংগ্ৰহ কৰি পথাৰত ৰোপন কৰিবৰ সময়তে পানীৰ অভাৱৰ সন্মূখীন হয়। এনেদৰেই কঠীয়া ৰোপনৰ সময় উকলিবলৈ ওলোৱাত দুচিন্তাত ভোগা কৃষক সকলে ঘগৰা নৈতে ভোগ আগবঢ়াই তেওঁলোকৰ পথাৰত পানীৰ বাবে প্ৰাৰ্থনা জনাবলগীয়া হোৱা ঘটনাই চৰকাৰী জলসিঞ্চন ব্যৱস্থাৰ স্বৰূপ উদঙাইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More